গুৱাহাটীঃ কামৰূপ জিলাৰ পলাশবাৰীৰ হুদুমপুৰত কট্ৰোল প্ৰিণ্ট নামৰ চিঞাহী ফেক্টৰীত দেওবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডৰ ফলত কোটি টকাৰ সম্পত্তি জুইত জাহ যায়।
আৰক্ষীয়ে জনোৱা অনুসৰি, অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, কিন্তু ৰাসায়নিক পদাৰ্থ সংৰক্ষণ কৰা কোঠাটোতে সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। যদিও কোনো কৰ্মচাৰী আঘাতপ্ৰাপ্ত হোৱা নাই, অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সম্পত্তি অনিষ্ট হোৱা বুলি জানিব পৰা গৈছে।
পলাশবাৰী আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনমোহন দাসে কয়, “অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে আমি মিৰ্জা অগ্নি নিৰ্বাপক বাহিনীক অৱগত কৰিলো। তেওঁলোক ঘটনাস্থলীত অতি সোনকালে উপস্থিত কোইবা ঘন্টাও চেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও ৰাসায়নিক পদাৰ্থ ৰখা কোঠাটোৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।”
লগতে আৰক্ষীয়ে কয় কাৰখানাৰ পৰা ধোঁৱা ওলোৱাত গোটেই অঞ্চলটোত আতংকৰ সৃষ্টি হৈছিল। নিশাই কাৰখানাৰ ওচৰত বাস কৰা আৱাসীসকলক সোনকালেই সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছিল কিয়নো জুই অতি দ্ৰুতগতিত বিয়পিছিল।