নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে লোকসভাত ৰাষ্ট্ৰপতি অভিভাষণৰ সময়ত ভাষণ প্ৰদান কৰি বিৰোধীক তীব্ৰ ভাষাৰে কতাক্ষ কৰা দেখা গ’ল। প্ৰধানমন্ত্ৰীজনে বিৰোধীক বিজেপি য়ে কৰা উন্নয়ন ধাৰাক পৰ্যবেশন কৰিবলৈ উত্তৰ-পূব ভাৰতৰ উদাহৰণ দিয়ে।

ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এনেদৰে কয়, “মই বিৰোধী নেতাসকলক এবাৰ উত্তৰ-পূব ভাৰত ভ্ৰমণ কৰিবলৈ ক’ব বিচাৰো। আপোনালোকৰ দিনৰ প্ৰজন্ম আৰু বৰ্তমান নতুন দিনৰ প্ৰজন্মই  উত্তৰ পূবৰ এই উন্নয়ন সাক্ষী হওঁক”।

তদুপৰি, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে,  উন্নত প্ৰযুক্তিৰ দ্বাৰা নিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথ আৰু লগতে উন্নত ৰে’ল সংযোগ আৰু বিমানযাত্ৰা সৈতে উত্তৰ-পূবলৈ ভ্ৰমণ কৰাটো বৰ্তমান এক আৰামদায়ক যাত্ৰা হৈ পৰিছে।

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ পিছত উত্তৰ-পূবত অতি কমেও ৭৫,০০০ উগ্ৰপন্থীয়ে বৰ্তমান হিংসা পৰিহাৰ কৰি মূলসুঁতিলৈ ঘূৰি অহাৰ লগতে আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনা আৰম্ভ কৰিছে বুলিও মোদীয়ে কয়।

ত্ৰিপুৰা সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, বৰ্তমান লাখ লাখ লোকে পকা ঘৰ দেখিছে আৰু তেওঁ লোকসকলৰ সুখত অংশগ্ৰহণ কৰি তেওঁ নিজেই সুখী হৈছে বুলি কয় ।

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী লোকসভাৰ ভাষণৰ ঠিক এদিনৰ আগত বিৰোধী হৈ ৰাহুল গান্ধীয়ে ভাষণ প্ৰদান কৰি আদানী আৰু মোদীৰ মাজত কি সম্পৰ্ক আছে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। কিন্তু বৰ্তমান লৈকে প্ৰধানমন্ত্ৰী জনে আদানীৰ সম্পৰ্কে কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা নাই। যাৰ বাবে মোদী ভাষণৰ সময়ত বিৰোধী ফালৰ পৰা মাজে সময়ে আদানী বিষয়ক লৈ উত্তাল হৈ থকা দেখা গ’ল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply