নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক মেঘালয়ৰ নিৰ্বাচনৰ বাবে ২৪ ফেব্ৰুৱাৰীত ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱাৰ কথা আছে। মেঘালয়ৰ শ্বিলং আৰু তুৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীয়ে স্থান নিৰ্ধাৰণ কৰিছে।

নতুনকৈ নিৰ্মাণ হোৱা পি এ চাংমা ষ্টেডিয়ামত প্ৰচাৰৰ বাবে স্থান নিৰ্ধাৰণ হৈছিল। কিন্তু মোডীক ৰাজ্য চৰকাৰে ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰা নাই।

জানিব পৰা অনুসৰি, যিহেতু ষ্টেডিয়ামখন নিৰ্মাণ এতিয়াও সম্পূৰ্ণ হোৱা যাৰ বাবে ক্ৰীড়া বিভাগে ষ্টেডিয়ামত ইমান ডাঙৰ সমাৱেশ আয়োজন কৰিব নোৱাৰি বুলি জনাইছে। লগতে, ছাইটটোত বহুতো সামগ্ৰী ৰখা হৈছে সেইবাবে ৰাজহুৱা সভা হ’লে সেইবোৰ সুৰক্ষিত হ’ব পাৰে বুলি ক্ৰীড়া বিভাগে জিলা নিৰ্বাচন আয়ুক্তক অৱগত কৰিছে।

কিন্তু মেঘালয়াৰ ৰাজ্যিক বিজেপিয়ে কৈছে যে, শাসনাধিষ্ঠ নেচনেল পিপলছ পাৰ্টি, তৃণমূল কংগ্ৰেছ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক দলসমূহে ৰাজ্যখনত বিজেপিৰ উত্থান ৰুদ্ধ কৰিবলৈ চেষ্টা কৰি আছে। সেইকাৰণে তেওঁলোকে মোডীৰ ৰাজহুৱা সভাৰ অনুমতি দিব বিচৰা নাই।

উল্লেখযোগ্য যে, ১২৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা পি এ চাংমা ষ্টেডিয়ামটো মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সমষ্টিৰ অন্তৰ্গত। যাৰ বাবে বিজেপি কৰ্মী সকল আৰু সৰৱ হৈ পৰা দেখা গৈছে নিৰ্বাচনী প্ৰচাৰ নিদিয়া বিষয়টো। পিছে, বিজেপিৰ দলীয় নেজৃত্বই আলোটগ্ৰে ক্ৰিকেট ষ্টেডিয়ামক এক বিকল্প স্থান হিচাপে বিবেচনা কৰা হৈছে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply