নিউজ ডেস্ক: অৰুণাচল প্ৰদেশত নৱনিৰ্মিত ডনি প’ল’ বিমানবন্দৰ উদ্বোধনৰ উদ্দেশ্যে অহা ৩০ অক্টোবৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।
বুধবাৰে ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুয়ে অলপতে নতুন দিল্লীত প্ৰধান মন্ত্ৰীক সাক্ষাৎ কৰি হোলঙিত গ্ৰীণফিল্ড বিমানবন্দৰ উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছিল।
ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে প্ৰায় ৬৪৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অৰুণাচল প্ৰদেশৰ প্ৰথমটো বিমানবন্দৰত থকা আঠটা চেক-ইন কাউণ্টাৰত ২০০ জনলৈকে যাত্ৰীৰ বাবে সুবিধাৰ ব্যৱস্থা থাকিব।
৪,১০০ বৰ্গ মিটাৰ এলেকাত বিস্তৃত এই নতুন বিমানবন্দৰটো সকলো আধুনিক সুবিধাৰে সজ্জিত বুলি বিমানবন্দৰটোৰ বিষয়াই জনায়।
কম খৰচী কেৰিয়াৰ ইণ্ডিগো এয়াৰলাইনছে যোৱা ১৮ অক্টোবৰত নৱনিৰ্মিত বিমানবন্দৰত বিমান অৱতৰণৰ পৰীক্ষা কৰিছিল।
লগতে পঢ়ক – Fact-check: কাশ্মীৰৰ পৰিৱৰ্তে বিৰাট কোহলীক বিচাৰিছে নেকি পাকিস্তানৰ ক্ৰিকেট অনুৰাগীয়ে?