নিউজ ডেস্কঃ শনিবাৰে পুৱা অৰুণাচল প্ৰদেশত উপস্থিত হৈ ৰাজ্যখনৰ প্ৰথমটো বিমান বন্দৰ মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । অৰুণাচলপ্ৰদেশৰ ডনিপল বিমান বন্দৰটো মুকলি কৰি প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্য়বাসীক কেতবোৰ প্ৰতিশ্ৰুতিও কৰে।
বিমানবন্দৰটোৰ লগতে পশ্চিম কামেং জিলাৰ ভালুকপুঙৰ সমীপৰ কামেং জলবিদ্যুৎ প্ৰকল্পটিৰো উদ্বোধনী কৰাৰ কথা উল্লেখ কৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে ।
অৰুণাচলপ্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু, উপ মুখ্যমন্ত্ৰী চাওনা মেইন আদিৰ উপস্থিতিত প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক উপহাৰ দিয়ে বিমান বন্দৰটো।
উল্লেখ্য় যে, ৬০০ কোটি টকা ব্যয় সাপেক্ষে মাত্ৰ তিনি বছৰতে সম্পূৰ্ণ কৰা হৈছিল বিমান বন্দৰটিৰ প্ৰাৰম্ভিক নিৰ্মাণ কাৰ্য। অৱশ্যে বিমান বন্দৰটোৰ ভিতৰৰ বহু কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই।