নিউজ ডেস্কঃ ত্ৰিপুৰাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ ৰেলীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। শনিবাৰৰ দিনটোত ৰাজ্যখনত দুখন নিৰ্বাচনী জনসভা সম্বোধন কৰিব মোডীয়ে। 

দিনৰ ১২ বজাত ৰাজ্যখনৰ ধলাই জিলাৰ আম্বাছাত প্ৰথমখন ৰেলীত তেওঁ অংশগ্ৰহণ কৰে। এই নিৰ্বাচনী সভাৰ পাছতে বিয়লি ৩ বজাত দ্বিতীয়খন ৰেলী সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত মুখ্যমন্ত্ৰী মানিক সাহা, বিজেপিৰ ৰাজ্যিক নিৰ্বাচনৰ ভাৰপ্ৰাপ্ত বিষয়া মহেশ শৰ্মা আৰু দলটোৰ ৰাজ্যিক গোটৰ সভাপতি ৰাজিব ভট্টাচাৰ্যই প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনায়। 

আনহাতে, অহা ১৩ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী গৰাকী দ্বিতীয়বাৰৰ বাবে ভ্ৰমণ হোৱাৰও সম্ভাৱনা আছে। লগতে ত্ৰিপুৰাত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও ১৬ ফেব্ৰুৱাৰীত নিৰ্বাচনমুখী ৰাজ্যখন পৰিদৰ্শন কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply