নিউজ ডেস্কঃ ২০ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে উপস্থিত থাকিবলগীয়া ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুৰ ভ্ৰমণ কাৰ্যসূচী বাতিল কৰা হৈছে। বৰ্তমান ইটানগৰত হৈ থকা অশান্ত পৰিৱেশৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে। লগতে ২১ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ বিধানসভাৰ বিশেষ অধিৱেশনত তেওঁৰ ভাষণৰ কাৰ্যসূচী আছিল সেয়াও বৰ্তমান বাতিল হৈছে।
অৰুণাচল প্ৰদেশৰ লোকসেৱা আয়োগ ভংগ আৰু পূৰ্বৰ লোকসেৱা আয়োগৰ অধ্যক্ষক গ্ৰেপ্তাৰৰ দাবীত ১৭ ফেব্ৰুৱাৰীত প্ৰতিবাদকাৰী আৰু আৰক্ষী জোৱানৰ মাজত হতাহতি হোৱা দেখা যায়। পিছলৈ প্ৰতিবাদ হিংসাত্মক ৰূপ লয় । যাৰ বাবে দেওবাৰৰ বিয়লি ৫ বজাৰলৈ ইণ্টাৰনেট সেৱাও বন্ধ কৰি ৰাখিছে ইটানগৰ প্ৰশাসনে।
উল্লেখযোগ্য যে, শনিবাৰে দ্বিতীয় দিনাও দিনৰ দুই বজালৈকে লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিত জড়িত ব্যক্তিক গ্ৰেপ্তাৰ নকৰাত মুখ্যমন্ত্রী পেমা খাণ্ডু গ’ বেক ধ্বনিৰে উত্তাল হৈ থাকে ইটানগৰ। প্ৰতিবাদকাৰী দলটোৱে ২১ ফেব্ৰুৱাৰীলৈকে হিংসাত্মক বন্ধ সম্প্ৰসাৰণ সিন্ধান্ত লোৱাৰ পিছতেই ৰাজভৱনত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে নিৰ্বাচিত কৰি দিয়া ১০জন প্ৰতিবাদকাৰীৰ নেতা-কৰ্মীৰ সৈতে আলোচনাত বহে।