ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত কালি (২২ মাৰ্চ, ২০২৩) আড়ম্বৰপূৰ্ণভাৱে এক অলংকৰণ সমাৰোহ অনুষ্ঠিত হয়। এই অনুষ্ঠানত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২০২৩ বৰ্ষৰ বাবে তিনিটা পদ্ম বিভূষণ, চাৰিটা পদ্মভূষণ আৰু ৪৭ টা পদ্মশ্ৰী বঁটা প্ৰদান কৰে।
অনুষ্ঠানত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখাৰ, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা, কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহ, অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকল আৰু বিশিষ্ট ব্যক্তিসকলকে ধৰি ভালেমান গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।
এই বঁটা প্ৰদান অনুষ্ঠানৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহ আৰু আন আন কেন্দ্ৰীয় মন্ত্ৰীসকলে নতুন দিল্লীৰ সুষমা স্বৰাজ ভৱনত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আয়োজন কৰা এক নৈশ ভোজত পদ্ম বঁটা বিজয়ীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়।
পদ্ম বঁটা বিজয়ীসকলে আজি পুৱা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিজয়ীসকলে অমৃত উদ্যান আৰু ৰাষ্ট্ৰপতি ভৱন পৰিদৰ্শন কৰাৰ লগতে প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ো ভ্ৰমণ কৰে।