নিউজ ডেস্কঃ আগন্তুক মেঘালয়ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ হৈ বুধবাৰে শ্বিলঙত ৰাহুল গান্ধীয়ে প্ৰচাৰ চলাই। শ্বিলঙত অনুষ্ঠিত কংগ্ৰহেছৰ নিৰ্বাচনী প্ৰচাৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপি আৰু এছ এছক আক্ৰমণৰ লক্ষ্য কৰি লয়।

নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশত এতিয়া একনায়কত্ববাদ চলা বুলি অভিযোগ কৰি ৰাহুলে কয় যে, বিজেপি আৰু আৰ এছ এছে চলাই থকা কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ সংবাদ মাধ্যম, আমোলাতন্ত্র, ন্যায় ব্যৱস্থা, নির্বাচন আয়োগ আদি সকলো সংস্থাক হস্তগত কৰিছে। লগতে, বিজেপি, আৰ এছ এছে দেশত একক আদর্শ প্রতিষ্ঠা কৰাৰ অপচেষ্টা কৰিছে বুলি তীব্ৰ ভাষণেৰে ৰাইজৰ আগত উপস্থাপন কৰে।

বিজেপিয়ে কৰা অপশাসনৰ বিৰুদ্ধে যুঁজ দিবলৈয়ে কংগ্ৰেছে দেশজুৰি ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচী লোৱা বুলি ৰাহুল গান্ধীয়ে কয় আৰু নিৰ্বাচনী প্ৰচাৰত উপস্থিত থকা জনগণক দেশৰ সকলো জনতাই বিজেপিয়ে কৰা একক চিন্তা প্ৰতিষ্ঠাৰ বিৰুদ্ধে সমূহীয়াভাৱে যুঁজিব লাগিব বুলিও আহ্বান জনাই ।

“প্রধানমন্ত্রী মোডী বা বিজেপিৰ নেতাই বাহ্যিকভাৱে খাছি বা গাৰো জনগোষ্ঠীৰ পৰম্পৰাগত পোছাক পিন্ধি মেঘালয়ৰ খিলঞ্জীয়া নাগৰিকৰ পৰম্পৰাৰ বিৰুদ্ধেই স্থিতি লয়। কংগ্ৰেছে এনে নকৰে”। বুলি ৰাহুল গান্ধীয়ে কয় ।

উল্লেখযোগ্য যে, ৰাহুল গান্ধীয়ে সদনত মোদীৰ আৰু আদানী সম্পৰ্কে প্ৰশ্ন উত্থাপনৰ কৰা বিষয়টো ভাষণৰ জৰিয়তে জনাই। তেওঁ কয় যে, “মোডীয়ে ম‍ই কিয় গান্ধী উপাধি লিখো, নেহৰু কিয় নিলিখো আদি বিষয়ৰ ওপৰত ভাষণ দিয়ে কিন্তু আদানিৰে সম্পৰ্কৰ প্ৰসংগ এৰাই চলিল সদনত”।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply