নিউজ ডেস্কঃ নাগালেণ্ডৰ চাৰিটা ভোটকেন্দ্ৰত পুনৰ আজি ভোটগ্ৰহণ কৰা হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৪ বজাত অন্ত পৰিব।
ভোটগ্ৰহণ কেন্দ্ৰ কেইটা হৈছে ৩৫- জুনহেবোটো ৯- নিউ কলনি, ৩৯- ছেনিছ ৯- পংটি ভি, ৪১- টিজিট আৰু ৭-জবোকা গাঁও ৫৭- থোনোকন্যু ৩- পাঠছু পূব ৱইং।
উল্লেখযোগ্য যে, সোমবাৰে ৰাজ্যখনত ভোটগ্ৰহণৰ দিনৰ দিনা উক্ত কেন্দ্ৰ কেইটাৰ বিভিন্ন অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। পিছত একাংশই বোটগ্ৰহণ কেন্দ্ৰ কেইটাৰ ইভিএম মেছিন ভাঙি দিয়ে। যাৰ পৰিপ্ৰেক্ষিততেই ৰাজ্যৰ চাৰিটা ভোটকেন্দ্ৰত পুনৰ আজি ভোটগ্ৰহণ কৰা হৈছে।