নিউজ ডেস্কঃ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আৰপিএফ বাহিনীয়ে আটক কৰিছে ৬জন বাংলাদেশীক। যোৱা ৩০ ছেপ্টেম্বৰৰ পৰা ৬ অক্টোবৰলৈ আৰপিএফে চলোৱা বিভিন্ন তালাচী আৰু অভিযানত বাংলাদেশী কেইজনৰ লগতে ১২জন নাবালক ল’ৰা-ছোৱালীকো উদ্ধাৰ কৰিছে।
ইয়াৰ লগতে আৰপিএফে উদ্ধাৰ কৰিছে এগৰাকী মহিলাকো। উল্লেখ্য যে, ৪ অক্টোবৰত বদৰপুৰৰ আৰপিএফৰ এটা দলে বিহাৰা ৰেল ষ্টেচনত নিয়মীয়া তালাচী চলাই থকা সময়তে চাৰিজন পুৰুষ আৰু দুগৰাকী মহিলা বাংলাদেশীক আটক কৰে।
প্ৰথমে লোক কেইজনক পৰিচয় পত্ৰ বিচৰাত তেওঁলোকে কোনো ধৰণৰ নথিপত্ৰ দিব নোৱাৰে আৰু পাছত স্বীকাৰ কৰে যে তেওঁলোকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছে।
আৰপিএফে বাংলাদেশী কেইজনক আটক কৰি বদৰপুৰ আৰপিএফ চকীলৈ লৈ আনে। আটক কৰা এই কেইজন বাংলাদেশীৰ ওপৰত পৰৱৰ্তী আইনী ব্য়ৱস্থা গ্ৰহণ কৰা হ’ব।