নিউজ ডেস্কঃ এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আইটিবিপি জোৱান। জোৱান গৰাকীয়ে কিশোৰীগৰাকীক শিবিৰলৈ নি একাধিকবাৰ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ছিকিমৰ ৰংপোত সংঘটিত হৈছে এই ঘটনা।
ভুক্তভোগী কিশোৰী গৰাকীৰ মাতৃয়ে আইটিবিপি জোৱানজনৰ বিৰুদ্ধে আৰক্ষীথানাত গোচৰ ৰুজু কৰিছে। কিশোৰী গৰাকীৰ মাতৃয়ে কয় যে তেওঁৰ কন্যাক জোৱানজনে একাধিকবাৰ যৌন নিৰ্যাতন কৰিছিল। আইটিবিপি জোৱানজনৰ সৈতে এই কামত এজন উপ-পৰিদৰ্শক আৰু এজন স্থানীয় নাবালকো জড়িত আছিল।
কিশোৰীগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত আইটিবিপি জোৱানজনক গ্ৰেপ্তাৰ কৰা হৈছে। ধৰ্ষণকাৰী জোৱানজনৰ ঘৰ উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ ধাৰচুলা। POCSO আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে অভিযুক্ত নাবালকজনকো গ্ৰেপ্তাৰ কৰি সোধা-পোছা আৰম্ভ কৰিছে। আনহাতে উপ-পৰিদৰ্শকজনৰ বিৰুদ্ধেও তদন্ত চলি আছে।
ইফালে, ভুক্তভোগী কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।