অহা ২৪ আৰু ২৫ মাৰ্চত উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ বাবে উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য সম্পৰ্কী প্ৰচাৰ বিভাগ (ডিপিআইআইটি)য়ে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন (এনএমপি)ৰ সম্পৰ্কীয় চতুৰ্থ আঞ্চলিক কৰ্মশালাখন আয়োজন কৰিছে।

দুদিনীয়া কৰ্মশালাখনত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, ৰেল মন্ত্ৰালয়, দূৰসংযোগ বিভাগ, বন্দৰ, জাহাজ আৰু জলপথ, শক্তি মন্ত্ৰালয়; পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, নীতি আয়োগ আদিকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়/বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰিব। অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ ভিতৰত আছে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা।

আনহাতে, আঞ্চলিক কৰ্মশালাখনৰ উদ্বোধনী দিনটোত এনএমপি/এছএমপি প্লেটফৰ্ম ব্যৱহাৰৰ এক সামগ্ৰিক দৃষ্টিভংগী আৰু অভিজ্ঞতা, শ্ৰেষ্ঠ অনুশীলন আৰু দৃষ্টিভংগীৰে প্ৰধানমন্ত্ৰী গতিশক্তি গ্ৰহণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যিক পৰ্যায়ৰ আন্তঃগাঁথনি, অৰ্থনৈতিক আৰু সামাজিক খণ্ডৰ মন্ত্ৰালয়/বিভাগসমূহৰ সৈতে আলোচনা কৰা হব। ইয়াৰ পিছত   ষ্টিক ইণ্টাৰফেচ প্লেটফৰ্ম (ইউএলআইপি)ৰ সম্পৰ্কীয় উপস্থাপন কৰা হব।

আঞ্চলিক কৰ্মশালাৰ দ্বিতীয় দিনটোত ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ মুখ্য বিশেষত্বসমূহ, ৰাজ্যিক লজিষ্টিক নীতিৰ নিৰীক্ষণ, বিভিন্ন ৰাজ্যত লজিষ্টিক স্বাচ্ছন্দ্য (লীড) জৰীপ, ৰাষ্ট্ৰীয় বাঁহ মিছন সম্পৰ্কীয় আলোচনাৰ লগতে ক্ষেত্ৰ পৰিদৰ্শন সম্পৰ্কীয় এক উপস্থাপন দাঙি ধৰা হব।

ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন (এনএমপি) মঞ্চৰ ব্যাপক গ্ৰহণৰ ক্ষেত্ৰত সুবিধা আগবঢ়াব পৰাকৈ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৫খন আঞ্চলিক কৰ্মশালাৰ এক শৃংখলা অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই কৰ্মশালাসমূহৰ লক্ষ্য হৈছে বিভিন্ন অংশীদাৰসকলক উৎসাহিত কৰাৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগসমূহৰ মাজত পাৰস্পৰিক শিক্ষণৰ ক্ষেত্ৰত সমন্বয় সাধন কৰা।

প্ৰধানমন্ত্ৰী গতিশক্তি এনএমপি প্লেটফৰ্ম ব্যৱহাৰ কৰি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এতিয়া প্ৰকল্পসমূহৰ পৰিকল্পনা আৰু ৰূপায়ণৰ বাবে প্ৰগতিশীল পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ এই আঞ্চলিক কৰ্মশালাসমূহে প্ৰকল্প পৰিকল্পনাত প্ৰধানমন্ত্ৰী গতিশক্তিৰ ব্যাপক গ্ৰহণ নিশ্চিত কৰিব। এই কৰ্মশালাসমূহে প্ৰধানমন্ত্ৰী গীতিশক্তি এনএমপিৰ সকলো অংশীদাৰক ব্যাপক আলোচনাৰ বাবে একত্ৰিত কৰিব আৰু ইয়াৰ ফলত ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগসমূহৰ মাজত তথ্যৰ আদান-প্ৰদান সম্ভৱ হব।

পটভূমি:

প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন (এনএমপি) হৈছে এক পৰিৱৰ্তনশীল দৃষ্টিভংগী যি সমগ্ৰ দেশতে বহু-পদ্ধতিগত আৰু অন্তিম মাইল সংযোগৰ বাবে একত্ৰিত পৰিকল্পনা আৰু সমকালীন ৰূপায়ণ সম্ভৱ কৰি কৰি তোলে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ অক্টোবৰ, ২০২১ তাৰিখে মুখ্য আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰৰ বিভাগীয় জটিলতাসমূহ আঁতৰোৱাৰ লগতে অংশীদাৰসকলৰ বাবে সামগ্ৰিক পৰিকল্পনাক প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ দৃষ্টিভংগীৰে ইয়াৰ শুভাৰম্ভ কৰিছিল।

প্ৰধানমন্ত্ৰী গতিশক্তিৰ একত্ৰীকৰণ, সুসংগতকৰণ, প্ৰাথমিকতা আৰু অনুকূলন সম্ভৱ কৰাৰ বাবে বহলভাৱে দুটা উপাদান আছে, অৰ্থাৎ ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন হৈছে জিআইএছ আধাৰিত প্ৰযুক্তি মঞ্চৰ বিকাশ আৰু বহুমুখী আন্তঃগাঁথনি আৰু অৰ্থনৈতিক ক্ষেত্ৰসমূহৰ সুসংগত বিকাশৰ বাবে বিভিন্ন মন্ত্ৰালয়/বিভাগৰ প্ৰচেষ্টা একত্ৰিত কৰাৰ বাবে এক প্ৰতিষ্ঠানিক প্ৰণালী।প্ৰধানমন্ত্ৰী গীতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন হৈছে ভাস্কৰাচাৰ্য ৰাষ্ট্ৰীয় মহাকাশ উপযোগ আৰু ভূ-তথ্য প্ৰতিষ্ঠান (বিআইএছএজি-এন)ৰ সহযোগিতাৰে বিকশিত এক একত্ৰ মঞ্চ। ভূমি অভিলেখ, পথ, ৰেলপথ, অৰ্থনীতি ক্ষেত্ৰ আৰু ঔদ্যোগিক ক্ষেত্ৰৰ দৰে ১৩০০+ জিআইএছ স্তৰ একত্ৰিত হোৱাৰ লগতে এই মঞ্চখনক সকলো কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগ আৰু ৰাজ্য চৰকাৰে ব্যৱহাৰ কৰি আছে, যাৰ ফলত প্ৰকল্প পৰিকল্পনা আৰু ৰূপায়ণৰ গতি দ্ৰুত হোৱাৰ উপৰি ব্যয় হ্ৰাস, দক্ষতা বৃদ্ধি, আৰু জনকল্যাণৰ পৰিসৰ বৃদ্ধি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply