নিউজ ডেস্কঃ ত্ৰিপুৰাৰ ৰাজ পৰিয়ালৰ সদস্য প্ৰদ্যুত বিক্ৰম মানিক্য দেববৰ্মাৰ নেতৃত্বৰ ত্ৰিপ্ৰা মথা দলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে এক আলোচনাত মিলিত হয় । এইকথা বুধবাৰে ত্ৰিপ্ৰা মথা দলৰ সভাপতি দেববৰ্মাই সংবাদমেলত নিজেই সাদৰী কৰে।

তেওঁ সংবাদ মেলৰ আগত কয় যে, ত্ৰিপুৰাৰ খিলঞ্জীয়া লোক সকলৰ সমস্যাৰ সমাধানৰ ওপৰত গৃহ মন্ত্ৰী সৈতে আলোচনা কৰা হয়। আলোচনাত গৃহ মন্ত্ৰীয়ে সমস্যাবোৰ সমাধান কৰাৰ বাবে দুই এদিনত এজন মধ্যস্থতাকাৰী নিয়োগ কৰিব বুলি দেববৰ্মাই জানিবলৈ দিয়ে।

ত্ৰিপ্ৰা মথা দলৰ কোনো বিধায়ক ত্ৰিপুৰা চৰকাৰৰ নতুন মন্ত্ৰী সভাত অন্তৰ্ভুক্ত নহয়। যেতিয়ালৈকে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোক সকলৰ সমস্যাবোৰ সমাধান নহয় তেতিয়ালৈকে চৰকাৰত নবহে বুলি সংবাদ মাধ্যমতক দেববৰ্মাই জনাই।

উল্লেখযোগ্য যে, ত্ৰিপ্ৰা মথা দলে কেৱল খিলঞ্জীয়া লোক সকলৰ সমস্যাবোৰ সাংবিধানিক সমাধান হোৱাটোকে বিছাৰে। য’ত ১৩ৰ পৰা ১৪ লাখ ত্ৰিপুৰাত খিলঞ্জীয়া লোক বাস কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply