নিউজ ডেস্কঃ ৬০ টা বিধানসভাৰ সমষ্টিৰ নিৰ্বাচন প্ৰচাৰ মঙলবাৰে সামৰি আজি পুৱা ৭ বজাৰ লগে লগে ত্ৰিপুৰাৰ বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হৈছে। সমগ্ৰ ৰাজ্যখনত ভোট গ্ৰহণৰ বাবে  মুঠ ৩,৩২৮ টা ভোটগ্ৰহণ কেন্দ্ৰৰ স্থাপন কৰা হৈছে।

এইবাৰৰ ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনত ২৮.১৩ লাখ ভোটাৰ থকাৰ বিপৰীতে ২৫৯জন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। ২৫৯ জন প্ৰাৰ্থীৰ ভিতৰত মহিলাৰ সংখ্যা ২০ গৰাকী।

লগতে এইবাৰৰ নিৰ্বাচনত বিজেপি য়ে ৫৫ আৰু বিজেপিৰ মিত্ৰজোঁট আই পি এফ টি য়ে ৫ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে। ইফালে, বাওঁপন্থীৰ চিপিএম, ফৰৱাৰ্ড ব্লক, কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া(চিআইএ) আৰু ৰিভলিউচনৰী ছ’চিয়েলিষ্ট পাৰ্টি (আৰএছপি) ৪৭ খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ লগতে কংগ্ৰেছে ১৩ আসন জয়যুক্ত হোৱা লক্ষ্যৰে আগবাঢ়ি আহিছে।

ৰাজকীয় বংশধৰ প্ৰদ্যুত কিশোৰ দেব্বৰ্মাৰ নেতৃত্বত টিপ্ৰা মোথাই ৪২ আসনত অকলেই প্ৰতিদ্বন্দিতা কৰিবলৈ ওলাই আহিছে।

সন্ধিয়া ৪ বজাৰ লগেই লগেই ত্ৰিপুৰাত আজি ভোটগ্ৰহণৰ অন্ত পৰিব । তাৰ পিছত ২ মাৰ্চৰ লৈকে ২৫৯ জন প্ৰাৰ্থীয়ে নিৰ্বাচন ফলাফল ঘোষণাৰ বাবে অপেক্ষা কৰিব লাগিব।

উল্লেখযোগ্য যে, ২০১৮ চনত বিজেপিয়ে ত্ৰিপুৰাত ২৫ বছৰীয়া বাওঁপন্থী শাসনৰ অন্ত পোলাইছিল। নিৰ্বাচনত জয়ী কৰি অনা বিজেপিয়ে কিন্তু ত্ৰিপুৰাবাসীক সম্পূৰ্ণৰূপে যোৱা ৫ টা বছৰত সন্তুষ্ট কৰাবলৈ সক্ষম নহ’ল। যাৰ বাবে দলটোৱে বাওঁপন্থী দলসমূহৰ লগতে প্ৰদ্যুত কিশোৰ দেব্বৰ্মাৰ টিপ্ৰা মোথাৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

লগতে পঢ়ক – VCDC পদৰ পৰা অপসাৰণ শুকুৰ আলীক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply