নিউজ ডেস্কঃ অপেক্ষাৰ অন্ত পেলায় বুধবাৰে নিৰ্বাচনী আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিলে তিনিখন ৰাজ্যৰ নিৰ্বাচনৰ দিন। ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত আৰু ২৭ ফেব্ৰুৱাৰীত মেঘালয় আৰু নাগালেণ্ডত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। 

মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীয়ে লগতে জনায় যে ৰাজ্যখনত আদৰ্শ আচৰণ বিধি (Model Code of Conduct) বলৱৎ হ’ব। ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ সময়সূচী বিবেচনা কৰি নিৰ্বাচনৰ সময়সূচী প্ৰস্তুত কৰা হৈছে।

তেওঁ আৰু কয় যে- নাগালেণ্ড আৰু মেঘালয়ত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ৭ ফেব্ৰুৱাৰী, আনহাতে ত্ৰিপুৰাৰ বাবে ৩০ জানুৱাৰী হ’ব। প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে নাগালেণ্ড আৰু মেঘালয়ৰ বাবে ১০ ফেব্ৰুৱাৰী আৰু ত্ৰিপুৰাৰ বাবে ২ ফেব্ৰুৱাৰী। ভোটসমূহ ২ মাৰ্চত গণনা কৰা হ’ব।

উল্লেখযোগ্য যে, এই তিনিওখন ৰাজ্য মিলাই মুঠ ২৮,১৪,৪৭৮ জন ভোটাৰে নিৰ্বাচনত তেওঁলোকৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ যোগ্য। ইয়াৰ ভিতৰত ১৪,১৪,৫৭৬ জন পুৰুষ আৰু ১৩,৯৮,৮২৫ গৰাকী মহিলা ভোটাৰ, লগতে তৃতীয় লিংগৰ মুঠ ভোটাৰৰ সংখ্যা  ৭৭ গৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply