নিউজ ডেস্ক: অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তত নিৰাপত্তা বাহিনীয়ে আলফা স্বাধীনৰ এজন কেডাৰ আটক কৰে, মঙলবাৰে অসম ৰাইফলছৰ এজন বিষয়াই জানিবলৈ দিয়ে।
বিষয়া গৰাকীয়ে জনোৱা মতে, ম্যানমাৰ সীমান্তত থকা নগলো গাঁৱত অসম ৰাইফলছৰ খনছা বেটেলিয়নে আলফা কেডাৰজনক আটক কৰে।
ধৃত কেডাৰজনক ডিব্ৰুগড় জিলাৰ দীপজ্যোতি সেনাপতি ওৰফে দীপেন অসম বুলি চিনাক্ত কৰা হৈছে।
সেনা বিষয়াজনে লগতে কয় যে, নিৰাপত্তা বাহিনীৰ জেৰাত ধৃত কেডাৰজনে কঠোৰ জীৱন ধাৰণ আৰু অনুপ্ৰেৰণাৰ অভাৱৰ বাবে ম্যানমাৰত থকা শিবিৰ ত্যাগ কৰি ভাৰতলৈ পলাই অহা বুলি স্বীকাৰ কৰিছে।
লগতে পঢ়ক – চেমখৰ: আইমী বৰুৱাৰ বিৰুদ্ধে ডিমাছা সম্প্ৰদায়ক ভূলকৈ উপস্থাপনৰ অভিযোগ