নিউজ ডেস্কঃ আজি উত্তৰ-পূৰ্বৰ তিনিৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণা। ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত অহা পাঁচটা বছৰৰ বাবে কোনে চৰকাৰ পৰিচালনা কৰিব সেইয়া আজি নিৰ্বাচনৰ ফলাফলে ক’ব।

পুৱা ৮ বজাৰ লগে লগেই তিনিওখন ৰাজ্যৰ ভোটগণনা আৰম্ভ হ’ব।

ত্ৰিপুৰাৰ তিনিকোণীয়া যুঁজঃ-

ত্ৰিপুৰা নিৰ্বাচনত দল সমূহে যুঁজ দিছে ৬০ খন আসনৰ বাবে। ৰাজ্যখনত বিজেপিয়ে অকলেই ৬০ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

ইফালে তিপ্ৰামথাই ৪২ খন আসনত বিপৰীতে তৃণমূল কংগ্ৰেছ আৰু চি পি আই (এম এল)এৰ মিত্ৰজোঁটে ২৯ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

মিত্ৰতাৰে চি পি আই (এম) ৪৩ খন আসনত আৰু কংগ্ৰেছে ১৩ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। বাকী চাৰিখন আসনত মিত্ৰজোঁটেৰ অংশীদাৰ স্বৰূপে চি পি আই, আৰ এছ পি, এ আই এফ বি আৰু নিৰ্দলীয়ই এখনকৈ আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

উল্লেখযোগ্য যে, ৰাজ্যখনত ঠায়ে ঠায়ে নিৰ্বাচনী হিংসাৰ মাজেৰে ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰা নিৰ্বাচনত ৮১.১০ শতাংশ ভোটদান সাব্যস্ত হয়।

হিংসাত্মক ঘটনাৰ মাজেৰে দুবাৰকৈ ভোটগ্ৰহণ নাগালেণ্ডঃ-

৬০ খন আসনেৰে নাগালেণ্ডৰ বিধানসভাৰ নিৰ্বাচন এইবাৰ তিনিকোণীয়া যুঁজ হৈ পৰিছে। নেডাৰ নেতৃত্বাধীন ভাৱে এন ডি পি আৰু বি জে পিয়ে একে লগে যুজঁ দিছে কংগ্ৰেছ আৰু নাগা পিপলছ ফ্ৰণ্টৰ বিৰুদ্ধে। নেডাৰ নেতৃত্বতেই বিজেপিয়ে ২০ খন আসনত আৰু এন ডি পিয়ে ৪০ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে।

ইফালে, নাগা পিপলছ ফ্ৰণ্টে ২২ আসনত আৰু কংগ্ৰেছে ২৩ খন আসনত অকলেই যুজঁ দিছে বিজেপিক ৰোধিবলৈ।

উল্লেখযোগ্য যে, ২৭ ফেব্ৰুৱাৰীত ৰাজ্যখন নিৰ্বাচন ভোটগ্ৰহণৰ সময়ত হিংসাত্মক ঘটনাৰ বাবে ১ মাৰ্চত পুনৰ ৰাজ্যখনৰ চাৰিটা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰিব লগীয়া হয়।

অকলেই সকলো দলে মেঘালয়ত চৰকাৰ গঠনৰ উদ্দেশ্যেৰেঃ-

মেঘালয়ত বিজেপিয়ে প্ৰথমবাৰৰ বাবে অকলেই ৬০ খন আসনতেই প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ বিপৰীতে শাসনাধিস্ত এন পি পিয়ে ৫৭ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে।

ইফালে তৃণমূল কংগ্ৰেছে ৫৬ খন আসনত প্ৰাৰ্থীত্ব আগবঢ়াইছে। আনহাতে কংগ্ৰেছে ৬০ খনত আৰু ইউ ডি পিয়ে ৪৬ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

উল্লেখযোগ্য যে, এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ৰাজ্যখনত কোনো এটা দলেই একক ভাৱে  চৰকাৰ গঠন কৰিব নোৱাৰে বুলি ওলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply