নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ থকা কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকে বুধবাৰে বিধায়ক পদৰ পৰা পদত্যাগ কৰে।
শেহতীয়াকৈ, ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকে ধনপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল আৰু জয়ী হৈছিল। তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ আসনৰ পৰা কঠিন প্ৰতিদ্বন্দিতাত নিৰ্বাচনত জয়ী হৈছিল।
কেন্দ্ৰীয় ৰাজ্যিক সমাজ কল্যাণ আৰু সামাজিক ন্যায় মন্ত্রী প্রতিমা ভৌমিকে পদত্যাগৰ পিছতেই তেওঁ সকলো ভোটদাতাকে ধন্যবাদ জ্ঞাপন কৰে।
ইপিনে ধনপুৰ সমষ্টিৰ বিধায়ক পদৰ পৰা ভৌমিকে পদত্যাগ কৰাৰ পিচত ধনপুৰ সমষ্টিৰ আসনৰ পৰা প্ৰাক্তন উপ-মুখ্যমন্ত্রী জিষ্ণু দেৱবার্মাই প্রতিদ্বন্দ্বিতা কৰিব বুলি জানিব পৰা গৈছে।