নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত হোৱা সেনাৰ হেলিকপ্টাৰৰ ধ্বংসাৱশেষ পোৱা গৈছে। উদ্ধাৰকাৰী দলটোৱে উদ্ধাৰ অভিযান চলাই ইতিমধ্যে চাৰিটা মৃতদেহ উদ্ধাৰ কৰিছে। শুকুৰবাৰে পুৱা ১০.৪৩ বজাত আপাৰ চিয়াঙৰ ছিংগিং গাঁৱত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল । টুটিঙৰ ২৫ কিঃমিঃ নিলগৰ মিগিঙত সংঘটিত হৈছে দুৰ্ঘটনা।

উদ্ধাৰ অভিযানত এমআই-১৭ আৰু দুখন ধ্ৰুৱ হেলিকপ্টাৰ মোতায়েন কৰা হৈছে। স্থানীয় গাওঁবাসীও উদ্ধাৰ অভিযানত জড়িত হৈ পৰিছে।

কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে টুইট কৰি কয়, “অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাত ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে। এই ঘটনাত গভীৰ দুখপ্ৰকাশ কৰিছো।”

উল্লেখ্য যে, একেটা মাহতে ৰাজ্যখনত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ এইটো দ্বিতীয় ঘটনা। অক্টোবৰৰ ৫ তাৰিখে টাৱাং জিলাত এখন Cheetah হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল, যাৰ ফলত বিমানখনত থকা দুজন পাইলটৰ এজনৰ মৃত্যু হৈছিল। মাৰ্চ মাহত, জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত আন এখন Cheetah হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সেই দুৰ্ঘটনাটো এজন পাইলট নিহত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply