ইম্ফল: মণিপুৰত চলি থকা অষ্টম Youth Leaders Connect সন্মিলনীত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেন সিং আৰু অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে Project NEW (NER Entrepreneurs’ World) নামৰ এটা নতুন প্ৰকল্প মুকলি কৰে।
আজি ইম্ফলৰ চিটি কনভেনচন চেন্টাৰত দুয়ো গৰাকী নেতাই যৌথভাৱে মুকলি কৰা এই প্ৰকল্প হৈছে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ সম্ভাৱ্য উদ্যোগীসকলৰ দক্ষতাক স্বেচ্ছামূলক ভিত্তিত ডিজিটেল প্লেটফৰ্মত বিচাৰি উলিওয়াৰ প্ৰথমটো প্ৰয়াস।
উল্লেখ্য যে, ইয়াৰ বিশাল সামাজিক-সাংস্কৃতিক আৰু পৰিৱেশগত বৈচিত্ৰ্যৰে সমগ্ৰ উত্তৰ-পূব প্ৰাকৃতিক সম্পদ তথা প্ৰতিভাৰ এক বিশাল ভাণ্ডাৰ। প্ৰতিভাৰে ভৰি থকা এই অঞ্চলৰ প্ৰতি শেহতীয়াকৈ ভাৰত চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰিছে আৰু সেয়ে অঞ্চলটোৰ দক্ষতাৰ ব্যৱধান আৰু প্ৰয়োজনীয়তাৰ এক ডাটাবেছ তৈয়াৰ কৰাটো পূৰ্বতকৈ অধিক প্ৰয়োজন হৈ পৰিছে। ক’ভিড-১৯ মহামাৰীৰ ফলত আৰম্ভ হোৱা বিপৰীতমুখী প্ৰব্ৰজনে (reverse migration) এনে ডাটাবেছৰ প্ৰয়োজনীয়তা অধিক বঢ়াই তুলিছে। এনে এক পটভূমিতে এই প্ৰত্যাহ্বানসমূহক প্ৰতিহত কৰাৰ উদ্দেশ্যে নাবাৰ্ডৰ ৩ বছৰ পুৰণি সহযোগী NABFOUNDATION য়ে এই প্ৰকল্পটোৰ নক্সা তৈয়াৰ কৰিছিল।
Project NEW -ৰ অধীনত PlayStore-ত উপলব্ধ এটা মোবাইল এপ্লিকেশ্বনৰ লগতে সহজ আৰু ইউজাৰ ফ্ৰেণ্ডলি এটা ৱেবছাইট নিৰ্মাণ কৰা হৈছে। উত্তৰ-পূবৰ আগ্ৰহী যুৱক-যুৱতীসকলে গুগল প্লেষ্ট’ৰৰ ‘The NEW’ এপ বা ৱেবছাইট উপলব্ধ ‘NEW’ পঞ্জীয়ন পত্ৰখন পূৰণ কৰিব পাৰে।
অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি NABFOUNDATION-ৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জীৱ ৰোহিল্লাই কয় যে উত্তৰ-পূবৰ উদ্যোগ সম্পৰ্কীয় সমস্যাসমূহৰ সমাধান এই অঞ্চলৰ পৰাই ওলাব লাগিব। কৰ্পোৰেট চচিয়েল ৰেস্পনচিবিলিটিৰ অধীনত NABCONS, NABFINS, NABSAMRUDDHI আৰু Dalmia Bharat Foundation-এ এই প্ৰকল্পটোৰ বাবে পুঁজি যোগান ধৰিছে। তৃণমূল পৰ্যায়ত প্ৰকল্পটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্বত আছে YouthNet, TiLi, SeSTA আৰু EastMojo।
নাগালেণ্ডৰ Alobo Naga, মিজোৰামৰ Gnie’, অৰুণাচল প্ৰদেশৰ K4-Kekho, অসমৰ INGLISH MAKER, ত্ৰিপুৰাৰ Borkung Hrangkhawl BK, মণিপুৰৰ Mangka আৰু ছিকিমৰ UNB আদি বহু কেইগৰাকী জনপ্ৰিয় সংগীত শিল্পী তথা Youtuber-এ Project NEW-ৰ প্ৰজেক্ট এম্বেছাদৰ হ’বলৈ আগবাঢ়ি আহিছে।
লগতে পঢ়ক – কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ পূৰ্বে যানবাহন চলাচলত নিষেধাজ্ঞা