গুৱাহাটী : চি ডিভিজন ফুটবল লীগৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড। গুৱাহাটী ক্ৰীড়া সন্থাৰ ২০২২-২৩ বৰ্ষৰ চি ডিভিজন ফুটবল লীগৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ৷ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত লীগৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেডে গুৱাহাটী চিটী এফচিক ৩-০ গ’লত পৰাস্ত কৰে৷
নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত লীগৰ ফাইনেল খেলখনত দৰ্শকৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়। সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত ফাইনেল খেলখনত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ হৈ জে ৰংমেই, দীপু মিৰ্ধা আৰু জনী ৰাভাই গ’ল কেইটা দিয়ে৷।উত্তেজনাপূৰ্ণ খেলখনত গুৱাহাটী চিটী এফচিয়েও কেইবাটাও আক্ৰমণ ৰচনা কৰিছিল যদিও গ’ল কৰিবলৈ ব্যৰ্থ হয়৷
লগতে পঢ়ক – কেন্দ্ৰৰ ওচৰত সৎ দাবী উত্থাপনৰ বাবে মুখ্যমন্ত্ৰীৰ সাহস নাইঃ অখিল গগৈ
ফাইনেল খেলা দুয়োটা দলেই অহা ছিজনৰ বি ডিভিজনলৈ উন্নীত হ’ল৷ ইপিনে, চি ডিভিজনৰ পৰা অৱনমিত হৈছে এছজি ক্লাব৷ ৰয়েলছ ক্লাবে ৰেলিগেচন মেচত এছজি ক্লাবক ৮-১গ’লত পৰাস্ত কৰাত দলটোৰ অৱনমন নিশ্চিত হয়।