বাংগালুৰু – নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে নৱম হিৰো ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ত পৰাজয়ৰে নিজৰ অভিযান আৰম্ভ কৰিছে। আজি বাংগালুৰুৰ শ্ৰী কাণ্ট্ৰিাবা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচত বাংগালুৰু এফ চিয়ে ১-০ গ’লত পৰাস্ত কৰে নৰ্থ ইষ্ট ইউনাইটেডক। উল্লেখ্য যে নর্থ ইষ্ট ইউনাইটেডে আই এছ এলৰ ইতিহাসত বাংগালুৰুৰ ষ্টেডিয়ামত মেচ জয় কৰা নাই।

ফুটবলপ্রেমীৰ দৃষ্টিৰে খেলৰ প্ৰথমাৰ্ধ ৰোমাঞ্চকৰ আছিল যদিও উভয় দলে সুযোগ পোৱাৰ পাছতো বল নেটত প্ৰৱেশ কৰাত সফল নহ’ল। অৱশ্যে এবাৰ নৰ্থ ইষ্ট ইউনাইটেডৰ নেটৰ ভিতৰলৈ বল সোমাই গৈছিল যদিও ৰেফাৰীয়ে সেয়া গ’লৰূপে মান্যতা নিদিলে। ঘৰুৱা অনুৰাগীৰ সন্মুখত খেলা বাংগালুৰুই প্ৰথমাৰ্ধত আধিপত্য বিস্তাৰ কৰাৰ লগতে ভাল সুযোগো লাভ কৰিছিল।

১৪ মিনিটত শিৱশক্তি নাৰায়নে বক্সৰ ভিতৰত ৰোচন নাওৰেমে দিয়া বল গ’ল কৰাৰ সুযোগ নষ্ট কৰে। ৰোচনে গতি আৰু দক্ষতাৰে বাংগালুৰুক প্ৰতিক্ষণতে আগুৱাই ৰাখে যদিও নর্থ ইষ্ট ইউনাইটেডে বিপক্ষৰ আক্ৰমণৰ পৰা নিজৰ দুৰ্গ ৰক্ষা কৰি যাবলৈ সক্ষম হয়। ইফালে, উত্তৰ-পূৱৰ দলটোৱে প্ৰত্যাক্ৰমন কৰি গ’লৰ সুযোগ সৃষ্টি কৰিছিল যদিও জিথিন এম এছে কাৰ্যকৰী কৰিব নোৱাৰিলে।

কিন্তু দ্বিতীয়ার্ধত সংঘবদ্ধ আক্ৰমণ কৰি সফল হয় বাংগালুৰু। খেলৰ ৮৭ মিনিটত কৰ্ণাৰ কিকৰ বল হেড কৰি এলেন ক ঠাই বাংগালুৰুৰ হৈ বিজয়সূচক গ’লটো দিয়ে। ইঞ্জুৰী টাইমত নর্থ ইষ্ট দলেও এটা গ’ল কৰিছিল যদিও সেয়া অফছাইড ঘোষণা কৰা হয়। প্রতিবাদ কৰাত নৰ্থ ইষ্টৰ প্ৰশিক্ষক মার্কো বালবুলক ৰঙা কার্ড দেখুৱাই ৰেফাৰীয়ে।

কিন্তু দ্বিতীয়াৰ্ধত সংঘবন্ধ আক্ৰমণ কাৰ সফল হয় বাংগালুৰু। বেলৰ ৮ মিনিটত কৰ্ণাৰৰ পৰা অহা এটা বল হেড কৰি এলেন ক’টাই বাংগালুৰুৰ হৈ বিজয়সূচক গ’লটো দিয়ে। ইনজুৰী টাইমত নর্থ ইষ্ট দলেও এটা গ’ল কৰিছিল যদিও সেয়া অফছাইড ঘোষণা কৰা হয়। প্রতিবাদ কৰাত নৰ্থ ইষ্টৰ প্ৰশিক্ষক মার্কো বালবুলক ৰঙা কার্ড দেখুৱাই ৰেফাৰীয়ে।

নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে লীগৰ দ্বিতীয়খন মেচ ঘৰুৱা ষ্টেডিয়ামত খেলিব। অহা ১৩ অক্টোবৰত গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত হ’বলগা মেচত ঘৰুৱা দলটো মুখামুখি হ’ব বিগত আই এছ এলৰ চেম্পিয়ন হায়দৰাবাদ এফ চিৰ।

ইফালে, বাংগালুৰু এফ চিয়ে দ্বিতীয় মেচ খেলাৰ বাবে ৰাওনা হ’ব চেন্নাইলৈ। অহা ১৪ অক্টোবৰত চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা ছাউথ ডাৰ্বিৰ এখন মেচত বাংগালুক এফ চি মুখামুখি হ’ব ঘৰৱা দল তথা পূর্ব চেম্পিয়ন চেন্নাইয়ান এফ চিৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply