নিউজ ডেস্ক- আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীসকলে বহু ভাল ফলাফল লাভ কৰা দেখা গৈছে। এইবাৰ ৭২.৬৯ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাটো অভিলেখৰূপে পৰিগণিত হৈছে।

এইবাৰ ১৮খন জিলাৰ ২৯খন হাইস্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ ১০ শতাংশলৈ অৱনমিত হোৱা নাইবা কোনো হাইস্কুলত এজনো পৰীক্ষাৰ্থী উত্তীর্ণ হ’বলৈ সক্ষম নোহোৱাৰ কথাও জানিব পৰা গৈছে। ৰাজ্যখনৰ ১২খন হাই স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ ভিতৰত এজনো পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱা নাই।

উল্লেখ্য যে, বৰপেটা জিলাৰ হাতেমা হাইস্কুল, দৰং জিলাৰ মাজগাঁও গাদুবাৰী হাইস্কুল, কাছাৰ জিলাৰ ৰেছিডেন্সিয়েল ল’ৰা হাইস্কুল(শিলচৰ), ডিব্ৰুগড় জিলাৰ ছাত্ৰী কল্যাণ ছোৱালী হাইস্কুল, গোৱালপাৰা জিলাৰ কাটাৰহাৰা হাইস্কুল, গোলাঘাট জিলাৰ গোলাঘাট আঞ্চলিক হাইস্কুল, যোৰহাট জিলাৰ বিদ্যাধৰ শৰ্মা মেম’ৰিয়েল হাইস্কুল, ভকেশ্যনেল কলেজিয়েট হাইস্কুল আৰু নামদেউৰী ছোৱালী হাইস্কুল, কৰিমগঞ্জ জিলাৰ দেৱৰাইল হাইস্কুল, কোকৰাঝাৰ জিলাৰ আয়েছা খাতুন হাইস্কুল, লখিমপুৰ জিলাৰ লুইতপৰীয়া হাইস্কুল, কামৰূপ মেট্ৰ’ জিলাৰ ড° ভূপেন হাজৰিকা আৱাসিক বিদ্যালয় আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংচেখ ইংলিছ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ ভিতৰত এজনো উত্তীৰ্ণ হ’বলৈ সক্ষম নহল।  

আনহাতে, ৰাজ্যৰ ভিতৰতে যোৰহাটে সর্বাধিক শিক্ষিত লোকে বসবাস কৰে। কিন্তু এইবাৰ যোৰহাটৰ তিনিখনকৈ হাইস্কুলৰ এজনো পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply