নিউজ ডেস্ক: বিশ্বৰ বৃহত্তম বিত্তীয় প্ৰতিষ্ঠান বিশ্ব বেংকৰ অধ্যক্ষ পদত প্ৰথম বাৰৰ বাবে অধিষ্ঠিত হ’ল এগৰাকী প্ৰবাসী ভাৰতীয়। মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে প্ৰবাসী ভাৰতীয় অজয় বাংগা নামটো এই পদৰ বাবে মনোনীত কৰিছে। বিশ্ব বেংকৰ ঘোষণামতে পৰৱৰ্তী পাঁচ বছৰৰ বাবে বেংকটোৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব অজয় বাংগাই।

বৰ্তমান ৬৩ বছৰীয়া বাংগাই শ্বেয়াৰ কোম্পানী জেনেৰেল আটলান্টিকৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ মাষ্টাৰ কাৰ্ড কোম্পানীত মূখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব পালন কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply