নিউজ ডেস্ক: অৰুণাচল প্ৰদেশত নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড-ৰিফৰ্মেচনৰ এজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছে।
চাংলাঙৰ আৰক্ষী অধীক্ষক মিহিন গাম্বোৱে জনোৱা মতে, দেওবাৰে চাংলাং জিলাৰ নাদিপাৰ অঞ্চলৰ পৰা যৌথ অভিযানৰ সময়ত এই সংগঠনটোৰ টাউন কমাণ্ডাৰ ‘কেপ্তেইন’ খিলপং জুগলী (৪৭)ক গ্ৰেপ্তাৰ কৰা হয়।
জিলা আৰক্ষী আৰু চি আৰ পি এফৰ ১৪৯ নং বেটেলিয়নৰ যৌথ দলে পুৰণি শালাং গাঁৱৰ বাসিন্দা উগ্ৰপন্থীজনক আটক কৰে।
২০১৯ চনত এন এছ চি এন-আৰত যোগদান কৰাৰ পূৰ্বে তেওঁ দীৰ্ঘদিন ধৰি এন এছ চি এন-কেৰ সৈতে জড়িত আছিল বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে জিলাখনৰ একাধিক অপৰাধমূলক গোচৰত তেওঁক বিচাৰি থকা বুলি উল্লেখ কৰে।