নিউজ ডেস্ক- বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰ ভিতৰত কেবিনেট বৈঠকত উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত অ’বিচিসকলৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ১৫ শতাংশৰ পৰা ২৭ শতাংশলৈ ৬ জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষিত আসন ২৭ শতাংশলৈ বৃদ্ধি কৰাত অনুমোদন জনায়।
ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ প্ৰতি লক্ষ্য মূলতঃ ছয় সম্প্ৰদায় ক্রমে টাই আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ নামভৰ্তিৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে অ’বিচিৰ সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি কৰে।
ৰাজ্যৰ ১২খন বিশ্ববিদ্যালয়ত ৬ সম্প্ৰদায়ৰ বাবে মুঠ ১১৩খন আসন সংৰক্ষণ কৰা হৈছে। ইয়াৰে টাই আহোমৰ বাবে ২৬খন, চুতীয়াৰ বাবে ১৫খন, মৰাণৰ বাবে ১৬খন, মটকৰ বাবে ১৫খন, কোচ ৰাজবংশীৰ বাবে ২২খন আৰু চাহ জনগোষ্ঠীৰ বাবে ১৯খন আসন সংৰক্ষণ কৰা হৈছে।
একেদৰে ইঞ্জিনীয়াৰিং প্ৰতিষ্ঠানত ৬ সম্প্ৰদায়ৰ বাবে মুঠ ১১৯খন আসন সংৰক্ষণ কৰা হৈছে। ইয়াৰে টাই আহোমৰ বাবে ২১খন, চুতীয়াৰ বাবে ১৬খন, মৰাণৰ বাবে ১৫খন, মটকৰ বাবে ১৫খন, কোচ ৰাজবংশীৰ বাবে ২২খন আৰু চাহ জনগোষ্ঠীৰ বাবে ৩০খন।
লগতে পলিটেকনিকত অ’বিচিৰ অধীনস্থ ৬ সম্প্ৰদায়ৰ বাবে ২৯২খন আসন সংৰক্ষণ কৰা হৈছে। ইয়াৰে টাই আহোমৰ বাবে ৫৮খন, চুতীয়াৰ বাবে ৪৩খন, মৰাণৰ বাবে ৪৩খন, মটকৰ বাবে ৩২খন, কোচ ৰাজবংশীৰ বাবে ৫৮খন আৰু চাহ জনগোষ্ঠীৰ বাবে ৫৮খন।
উক্ত কেবিনেটে চাহ জনগোষ্ঠীৰ শিশুসকলৰ পৰিপুষ্টি বৃদ্ধিৰ বাবে চাহ বাগিচা অঞ্চলৰ বিদ্যালয়ত প্ৰতিজন ছাত্র-ছাত্রীকে সপ্তাহত তিনিদিনকৈ মধ্যাহ্ন ভোজনত একোটাকৈ কণী দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে। লগতে অসম সচিবালয় সেৱাৰ শাখা বিষয়া হিচাপে জ্যেষ্ঠ প্রশাসনিক সহায়কক সহকাৰী শাখা বিষয়া আৰু অধীক্ষক হিচাপে পুনৰ পদবীকৰণৰ প্ৰতি লক্ষ্য ৰাখি অসম সচিবালয় সেৱা বিধি ২০১৯ আৰু অসম অধীনস্থ সেৱা বিধি ১৯৬৩ৰ সংশোধনীত কেবিনেটে অনুমোদন জনায়।