নগাঁও : অৱশেষত উদ্ধাৰ হল বানত উটি যোৱা দুয়োজন আৰক্ষীৰ লোকে মৃতদেহ। সোমবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয় কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ। নিশাৰ ভাগত উদ্ধাৰ হৈছিল কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ।

দেওবাৰে নিশা এক গোচৰৰ তদন্ত চলাবলৈ গৈ বানত পানীত উঠি গৈছিল কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈ। ইয়াৰ পিছতে এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই নিশাই কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ কৰিছিল।

লগতে পঢ়ক – বিজনী, এলেংমাৰি আৰু বৰপেটা সত্ৰৰ বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰীকাই

এছ ডি আৰ এফ বাহিনীয়ে সোমবাৰে পুৱাৰ ভাগত উদ্ধাৰ কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ। কনিষ্টবল ৰাজীৱ বৰদলৈক উদ্ধাৰ কৰিবলৈ পানীত জাঁপ দিছিল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিয়ে। এই ঘটনাই কামপুৰত শোকৰ ছাঁ পেলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply