নিউজ ডেস্ক: আপুনি অ’লা ইলেক্ট্ৰিক বাহন কিনিছিল নেকি? যদি কিনিছিল তেতিয়া হ’লে অ’লা প্ৰতিষ্ঠানটোৱে আপোনাক ঘূৰাই দিব কিছু পৰিমাণৰ টকা। বৈদ্যুতিক বাহন নির্মাতা প্রতিষ্ঠান অ’লাই গ্ৰাহকক ১৩০ কোটি টকা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে। শেহতীয়া ভাৱে কেন্দ্ৰীয় চৰকাৰে ‘ফেম-২’ আঁচনিৰ অধীনত জালিয়াতিৰে ৰাজসাহায্য দাবী কৰাৰ অভিযোগ টো সত্য প্ৰমাণিত হোৱাৰ পিছেতই অ’লাই এইদৰে ঘোষণা কৰিছে।
অভিযোগ অনুসৰি, অ’লাই ফেম-২ আঁচনিৰ অধীনত চৰকাৰী ৰাজসাহায্য লাভৰ আশাত গ্ৰাহকক কম দামতেই বাহন বিক্ৰী কৰি পিছত চাৰ্জাৰ আৰু ছফটৱেৰৰ নামত গ্ৰাহকৰ পৰা পৃথকে ধন আদায় কৰিছিল। অ’লাকে ধৰি হিৰ’ মটকপ, টি ভি এছ মটৰ আৰু এথাৰ এনার্জিয়েও এনেদৰে জালিয়তিৰ আশ্ৰয় লৈছে বুলি গধুৰ উদ্যোগ মন্ত্রালয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে, অ’লাই এতিয়া যিকোনো ধৰণৰ আইনী ব্যৱস্থাৰ পৰা বাচিবলৈ প্ৰতিগৰাকী গ্ৰাহকক ৯-১৯ হেজাৰ টকাকৈ ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে। যাৰবাবে অট’মেটিভ ৰিচাৰ্ছ এছ’চিয়েচন অব্ ইণ্ডিয়াই অ’লা ইলেক্ট্ৰিকৰ ওপৰত কোনোধৰণৰ আইনী ব্যৱস্থা নলয় বুলি জানিবলৈ দিছে।
লগতে পঢ়ক – আজিৰে পৰা যোৰহাটত “জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ, ২০২৩”