লক্ষ্য অলিম্পিক ২০৩৬। কিন্তু খেলৰ বাবে নহয় বৰং আয়োজনৰ বাবেহে। বুধবাৰে এই ঘোষণা কৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে।
২০৩৬ বৰ্ষৰ অলিম্পিক আয়োজনৰ বাবে আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটীক প্ৰস্তাৱনা আগবঢ়াইছে ভাৰতে। এতিয়া কেৱল অপেক্ষা ২০২৩ বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈ। আগন্তুক বৰ্ষৰ ছেপ্টেম্বৰ মাহত মুম্বাইত অনুষ্ঠিত কৰা হ’ব আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বৈঠক। উক্ত বৈঠকত নিজৰ পৰিকল্পনা দাঙি ধৰিব ভাৰতীয় অলিম্পিক সংস্থাই। এই সন্দৰ্ভত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে কয় যে যদি ভাৰতে জি-২০ সন্মিলনত সভাপতিত্ব কৰিব পাৰে তেন্তে ভৱিষ্যতলৈ অলিম্পিকো আয়োজন কৰিব পাৰিব।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰতে ১৯৮২ চনত এছিয়ান গেমছ আৰু ২০১০ চনত কমনৱেল্থ গেমছ আয়োজন কৰিছিল ভাৰতে। অলিম্পিকৰ দৰে মহাসমাৰোহ হ’ব ভাৰতৰ প্ৰথম অভিজ্ঞতা। আনহাতে, এই দৌৰত ভাৰতৰ সৈতে আছে কাটাৰ। ফিফা বিশ্বকাপৰ সফল আয়োজনৰ পাছত এইবাৰ অলিম্পিকলৈ মন মেলিছে কাটাৰে। তেনেস্থলত কাটাৰক পৰাস্ত কৰি ভাৰতলৈ অলিম্পিক লৈ অনাটো কঠিন হ’ব দেশৰ বাবে।
আনহাতে, অনুমতি লাভ কৰিলে দেশৰ প্ৰধান মন্ত্ৰীৰ ৰাজ্য গুজৰাটত অনুষ্ঠিত কৰা হ’ব অলিম্পিক। কিয়নো গুজৰাটত আছে সকলো ধৰণৰ ক্ৰীড়া আয়োজনৰ ব্যৱস্থা। ইয়াৰ ওপৰিও ৰাজ্যখনত আছে উন্নতমানৰ ক্ৰীড়াৰ আন্ত:গাঁথনি থকাৰ ওপৰিও অন্যান্য সা-সুবিধাও আছে।