নিউজ ডেস্ক: ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনৰ যুটীয়া সম্পাদক ওমৰ ৰছিদক বেডমিণ্টন এছিয়াই অহা দুবছৰৰ বাবে কাৰিকৰী বিষয়া সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে। বি এ আইৰ সৈতে পূৰ্বৰ ভূমিকাত ৰছিদে এই ভূমিকা গুৰুত্বসহকাৰে পালন কৰি আহিছে লগতে ভাৰতত এই ক্ৰীড়াৰ অধিক উন্নতি নিশ্চিত কৰে। কাৰিকৰী বিষয়া সমিতিৰ অধ্যক্ষ হিচাপে ওমৰ ৰছিদে নিয়ম-নীতিৰ বিকাশ আৰু কাৰ্যকৰীকৰণৰ তদাৰক কৰিব লগতে দেশজুৰি বেডমিণ্টন প্ৰতিযোগিতাত অফিচিয়েটিংৰ মানদণ্ড উন্নত কৰিব। ফেয়াৰ প্লে আৰু দক্ষতাৰ প্ৰতি তেওঁৰ নিষ্ঠাই ক্ৰীড়াৰ বৃদ্ধি আৰু সফলতাত অৰিহণা যোগাব।

ওমৰ ৰছিদে কয় যে বেডমিণ্টন এছিয়াই কাৰিকৰী বিষয়া সমিতিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰাত মই সঁচাকৈয়ে সন্মানিত আৰু সৌভাগ্য লাভ কৰিছো। “মই ক্ৰীড়াৰ অখণ্ডতা বজাই ৰাখিবলৈ আৰু সকলো প্ৰতিযোগিতাতে উচ্চমানৰ অফিচিয়েটিং নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। বেডমিণ্টন এছিয়া, বিএআই আৰু অঞ্চলটোৰ কাৰিকৰী বিষয়াসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি বেডমিণ্টন ক্ৰীড়া বৃদ্ধি কৰিবলৈ মই আগ্ৰহী।”

অসম বেডমিণ্টন সন্থাৰ সাধাৰণ সম্পাদক ওমৰ ৰছিদে দুটা দশকৰো অধিক সময় ধৰি বেডমিণ্টন প্ৰশাসনৰ সৈতে জড়িত হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply