নিউজ ডেস্ক– শিলসাঁকো পাৰৰ উচ্ছেদ ৰাইজে আজি সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদকাৰীসকলে ৰাইজে গুৱাহাটীৰ শিলসাঁকোৰ পাৰত দীৰ্ঘদিনৰে পৰা বসবাস কৰি চৰকাৰ প্ৰশাসনৰ অমানৱীয় উচ্ছেদৰ বলি হোৱা প্ৰতিটো থলুৱা পৰিচালক ক্ষতিপূৰণ সহ পুনৰ সংস্থাপনৰ দাবীত এনেদৰে প্রতিবাদ কৰে।

বৰ্তমানলৈকে উচ্ছেদিত থলুৱা পৰিয়ালসমূহক পুনৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চলিত বৰ্ষৰ ১৩ মে’ত আৰু ২৭-২৮ ফেব্ৰুৱাৰী, ১-২ মার্চত শিলসাঁকোৰ পাৰত দীৰ্ঘদিনৰ পৰা বসবাস কৰি থকা কাৰ্বি, বড়ো, ৰাভা, মিচিং আৰু অসমৰ থলুৱা লোকসকলৰ ওপৰত চৰকাৰে উচ্ছেদ অভিযান চলাইছিল।

চৰকাৰে চলোৱা এই উচ্ছেদ অভিযানৰ ফলত প্ৰায় ৫ শতাধিক পৰিয়াল হৈছিল গৃহহীন। বিগত দুই-তিনি দশক ধৰি শিলসাঁকোত স্থায়ীভাৱে বসবাস কৰি থকা পৰিয়ালসমূহক কোনোধৰণৰ আগতীয়া জাননী নিদিয়াকৈ চলোৱা চৰকাৰী উচ্ছেদ অভিযানে লোকসকলক গৃহহাৰা কৰিছে আৰু এতিয়াও বহু পৰিয়ালে ঘৰ-দুৱাৰ হেৰুৱাই মুকলি আকাশৰ তলত ৰ’দে-বৰষুণে দিন কটাবলগীয়া হৈছে বুলি কয় প্ৰতিবাদকাৰীসকলে।

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ দিনা শিলসাঁকোৰ উচ্ছেদিত ৰাইজে চচলস্থিত ধৰ্ণাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰি বহু কেইটা দাবী উত্থাপন কৰিছে। প্ৰতিবাদকাৰীসকলৰ দাবীসমূহ ক্ৰমে-

(১) শিলসাঁকোৰ পাৰৰ উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক ক্ষতিপূৰণ সহ পুনৰ সংস্থাপন নিদিয়া পর্যন্ত শিলসাঁকোৰ পাৰত যিকোনো ধৰণৰ চৰকাৰী প্ৰকল্পৰ কাম-কাজ স্থগিত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰক।

(২) যিদৰে শিলসাঁকোৰ গাত টাটাৰ জিভাৰ হোটেল, হিমংসিংকাৰ আইডিয়েল হিল ভিউ, ৰয়েল প্লাজা, ৰয়েল হেৰিটেজ, অমিয় কুমাৰ দাস ইনষ্টিটিউট, বদৰুদ্দিন আজমলৰ পত্নীৰ মালিকানাধীন মাল প্রপার্টিজ প্রাইভেট লিমিটেড, পৃথিবী শ্ৰীনচকে ধৰি বৃহৎ বৃহৎ অট্টালিকাসমূহ আছে ঠিক তেনেকৈ উচ্ছেদিত খলুৱা পৰিয়ালসমূহকো সেই ঠাইতে থাকিবলৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক।

(৩) ১৩ মে’, ২০২২ তাৰিখ আৰু ২৭-২৮ ফেব্ৰুৱাৰী, ১-২ মার্চ, ২০২৩ তাৰিখে উচ্ছেদ কৰা থলুৱা পৰিয়ালসমূহক অতিশীঘ্ৰে উচ্ছেদ কৰা স্থানতে পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক।

(৪) শিলসাঁকোৰ পাৰত দীৰ্ঘদিনৰ পৰা বসবাস কৰি থকা থলুৱা লোকসকলৰ ওপৰত চলোৱা উচ্ছেদ অমানৱীয় আৰু আইনবিৰোধী। অতিশীঘ্ৰেই চৰকাৰে শিলসাঁকোৰ পাৰত কৰা উচ্ছেদ বন্ধ কৰক। (৫) বিলৰ মাটি কৰ্প’ৰেট আৰু বৃহৎ বিস্তাৰসকলক দিয়া বন্ধ কৰক। ইতিপূৰ্বে কোম্পানী বা বিস্তাৰক দিয়া (ৰাজহুৱা প্ৰতিষ্ঠানৰ বাদে) তিনি কঠাতকৈ অধিক মাটিৰ প্ল’টৰ আৱন্টন বাতিল কৰক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply