মানকাচৰ : পুনৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ এজন। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ বৰাইৰ আলগাত নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ এজন
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী বৰাইৰ আলগাত আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ এজনক গ্ৰেপ্তাৰ কৰিছে। খাৰুৱাবান্ধা আৰক্ষীৰ দল এটা গোপন সূত্ৰৰ ভিত্তিত আন্তঃৰাষ্ট্ৰীয় সীমান্তবৰ্তী বৰাইৰ আলগা গাঁৱত অভিযান চলাই এই সাফল্য লাভ কৰে।
লগতে পঢ়ক – বৰ্ষপূৰ্তিৰ দিনাই ভুলতে ‘ভুল’ হৈ গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
দিলবৰ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক আৰক্ষীয়ে আটক কৰি তেওঁৰ পৰা ৬০০০ ডব্লিউ ওৱাই নামৰ নিচাযুক্ত টেবলেট জব্দ কৰে। সম্প্ৰতি তেওঁক আৰক্ষীয়ে আটক কৰি জেৰা চলাই গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে পুৱাৰ ভাগত তেওঁক হাটশিঙিমাৰী জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হ’ব।