ৰঞ্জিত বৰা হত্যাকাণ্ডৰ লগত জড়িতৰ সন্দেহত আটক এজনক
পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাকাণ্ডৰ লগত জড়িতৰ সন্দেহত আটক এজনক।
মৰিগাঁওৰ বৰিগাঁৱৰ পৰা আমিৰ আলী নামৰ লোকজনক আটক কৰে আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি বৰিগাঁৱৰ শহুৰেকৰ ঘৰত আশ্ৰয় লৈ আছিল ধৃত আমিৰ আলীয়ে। মৰিগাঁও সদৰ আৰক্ষীয়ে আটক কৰে আমিৰ আলীক।
অভিযুক্ত আমিৰ আলীৰ ঘৰ গুৱাহাটীৰ পাঞ্জাবাৰীত বুলি জানিব পৰা গৈছে। নিশাই মহানগৰ আৰক্ষীয়ে আমিৰ আলীক নিজৰ জিম্মাত লয়।
উল্লেখ্য যে, ২১ নৱেম্বৰত পাঞ্জাৱাৰীত সংঘটিত হৈছিল পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাকাণ্ড। দিন-দুপৰতে মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছিল এই ভয়াবহ হত্যাকাণ্ড।