শিৱসাগৰ : শিৱসাগৰ জিলাৰ ডিমৌৰ নেমুগুৰি দেউৰিটিংত এগৰাকী কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ৰহস্যজনকভাৱে মৃত্যু হোৱা কিশোৰী গৰাকী এজন লোকৰ ঘৰত বনকৰা হিচাপে আছিল। কিশোৰী গৰাকী আন্তঃসত্বা আছিল বুলি চিকিৎসকে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকক জানিবলৈ দিছিল। শিৱসাগৰ জিলাৰ ডিমৌৰ নেমুগুৰি দেউৰিটিংত এজন লোকৰ ঘৰত বনকৰা হিচাপে থকা এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল।

কিশোৰী গৰাকী বিগত দুবছৰ ধৰি জয়সাগৰৰ লোকনাথ গগৈ নামৰ এজন লোকৰ ঘৰত বনকৰা হিচাপে আছিল। কিশোৰী গৰাকীৰ মৃত্যু পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজন নগাঁৱৰ ইজাজুল হক। যুৱকজনৰ লগত কিশোৰী গৰাকীৰ সম্পৰ্ক আছিল বুলি আৰক্ষীৰ তদন্ত পোহৰলৈ আহিছে। ইজাজুল হক কিশোৰী গৰাকী বনকৰা হিচাপে কাম কৰা লোকজনৰ ঘৰৰ কাষৰ গাড়ীৰ গেৰেজত কাম কৰিছিল।

বিহপান কৰি আত্মহত্যা কৰা ১৬ বছৰীয়া কিশোৰী গৰাকী আন্তঃসত্বা আছিল। ঘটনা সন্দৰ্ভত নেমুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰে। কিশোৰী গৰাকীয়ে কি কাৰণত আত্মহত্যা কৰিলে এই বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ত পিছতে কিশোৰী গৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply