হোজাই : পুনৰ এজন ড্ৰাগছ সৰবৰাহকাৰী পৰিল আৰক্ষীৰ জালত। নিষিদ্ধ হে’ৰইনসহ পুনৰ এজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। হোজাই আৰক্ষীৰ অভিযানত হে’ৰইনসহ গ্ৰেপ্তাৰ শ্বেহনাজ উদ্দিন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী।
ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে যদিও ড্ৰাগছ সৰবৰাহকাৰী সকলে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ। পুনৰ এজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে। হোজাই আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰীজন।
এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই হোজাই আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিমৰুপাৰত অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক – গৰীয়া সকলক চৰকাৰে খিলঞ্জীয়া মুছলমান বুলি ধৰ্মৰ ভিত্তিত ভাগ কৰিছে: সদৌ অসম গৰীয়া জাতীয় পৰিষদ
ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম শ্বেহনাজ উদ্দিন বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰী শ্বেহনাজ উদ্দিনৰ কবলৰ পৰা আৰক্ষীয়ে ১২ গ্ৰাম হে’ৰইন জব্দ কৰে। জব্দকৃত হে’ৰইনখিনিৰ মূল্য ডেৰ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে। অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰীজনক আৰক্ষীয়ে জেৰা চলাই আছে।