গুৱাহাটী : গুৱাহাটী মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ড্ৰাগছ বিৰোধী অভিযান চলাই গুৱাহাটী মহানগৰ আৰক্ষীয়ে এটাৰ পিছত আনটো সাফল্য লাভ কৰিছে। বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ কৰা মহানগৰ আৰক্ষীয়ে শুকুৰবাৰে পুনৰ ড্ৰাগছসহ এজনক আটক কৰে।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই মহানগৰ আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ আটক কৰে। শুকুৰবাৰে পুৱাৰ ভাগত আইএছবিটি’ত অভিযান চলাই মহানগৰ আৰক্ষীয়ে হেৰ’ইন ভৰ্তি ৫ টাকৈ চাবোনৰ বাকচ জব্দ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।

লগতে পঢ়ক – আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে তৰ্ক প্ৰতিযোগিতা

ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম ৱাহিদুৰ ৰহমান বুলি জানিব পৰা গৈছে। ৱাহিদুৰ ৰহমানে হেৰ’ইনখিনি ডিমাপুৰৰ পৰা প্ৰথমে গোলাঘাটলৈ আনিছিল। পৰৱৰ্তী সময়ত গুৱাহাটীত অন্য ড্ৰাগছ সৰবৰাহকাৰীক দিয়াৰ বাবে হেৰ’ইনখিনি বাছযোগে গুৱাহাটীলৈ আনিছিল। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ৱাহিদুৰ ৰহমানক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply