মানকাচৰ : বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এজন গ্ৰেপ্তাৰ। ভাৰত-বাংলাদেশ সীমান্তত পুনৰ জব্দ নিচাযুক্ত সামগ্ৰী। হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী কোকৰাডাঙ্গাত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ গ্ৰেপ্তাৰ এজন।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী কোকৰাডাঙ্গাত বুধবাৰে নিশা প্ৰায় ১০ বজাত আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত টেবলেট আৰু কফ চিৰাপসহ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এই সাফল্য লাভ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক – নগাঁৱত দোকানৰ পৰা উলিয়াই ব্যৱসায়ীক প্ৰহাৰ গুণ্ডাবাহিনীৰ
খাৰুৱাবান্ধা আৰক্ষীৰ দল এটাই আন্তঃৰাষ্ট্ৰীয় সীমান্তবৰ্তী এলেকাত অভিযান চলাই ড্ৰাগছ ব্যৱসায়ীজনক কোকৰাডাঙ্গা গাঁৱৰ পৰা আটক কৰি ২৪০ টা পেইভন স্পাছ প্লাছ নিচাযুক্ত টেবলেট আৰু ২১ টা এস্কাফ আৰু অনৰেক্স নামৰ নিচাযুক্ত কফ চিৰাপ উদ্ধাৰ কৰে। ড্ৰাগছ ব্যৱসায়ীজনক আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱাৰ ভাগত আদালতত হাজিৰ কৰে।