নগাঁও : মাটিৰ তলৰ পৰা ওলাল নকল সোণৰ নাও আৰু মূৰ্তি। নগাঁও আৰক্ষীয়ে নকল সোণৰ বিৰুদ্ধে অভিযান চলাই গাত খান্দি মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে নকল সোণৰ নাও আৰু মূৰ্তি। নকল সোণৰ ব্যৱসায় কৰা চক্ৰৰ এজন সদস্য গ্ৰেপ্তাৰ।
বিগত সময়ছোৱাত ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পাইছে নকল সোণৰ ব্যৱসায় কৰা চক্ৰৰ প্ৰবঞ্চনা। ইতিমধ্যে বহু লোক এই চক্ৰটোৰ জালত পৰি প্ৰবঞ্চনাৰ বলি হ’ব লগীয়া হৈছে। বিগত কিছুদিন ধৰি এই চক্ৰটোৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
নকল সোণৰ চক্ৰটোৰ কেইবাজনো সদস্য ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। এইবাৰ এই চক্ৰটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে। দেওবাৰে নিশাৰ ভাগত অভিযান চলাই এক বিশেষ সাফল্যও লাভ কৰিছে নগাঁও আৰক্ষীয়ে।
নগাঁও আৰু ননৈ আৰক্ষীয়ে পাঠৰি কাটনি গাঁৱত অভিযান চলাই মাটিৰ তলৰ পৰা নকল সোণৰ নাও আৰু মূৰ্তি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে। ধৰি লোকজনৰ নাম মুক্লেচুৰ ৰহমান বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক – দুখন ট্ৰাকৰ মাজত সংঘৰ্ষ : নিহত দুজন লোক
মুক্লেচুৰ ৰহমানে লখিমপুৰৰ পৰা নকল সোণৰ নাও আৰু মূৰ্তি আনি বিক্ৰী কৰি বহু লোকক প্ৰবঞ্চনাৰ জালত পেলাইছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে মুক্লেচুৰ ৰহমানক জেৰা অব্যাহত ৰাখিছে। এই চক্ৰটোৰ মূল সদস্যজনৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।