ৰঙিয়া : ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই নকল সোণসহ এজন যুৱকক আটক কৰিছে। আৰক্ষীয়ে নকল সোণসহ আটক কৰা যুৱকজনৰ নাম আব্দুল কাদিৰ। যুৱকজনৰ ঘৰ তেজপুৰত বুলি জানিব পৰা গৈছে।

ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিয়ে যে ৰঙিয়াৰ উদিয়ানাত অভিযান চলাই আৰক্ষীয়ে নকল সোণসহ যুৱকজনক আটক কৰে। নকল সোণ ব্যৱসায়ৰ ৰঙিয়াৰ উদিয়ানাৰ এটা চক্ৰই ধৃত আব্দুল কাদিৰৰ জৰিয়তে ৰঙিয়ালৈ আনিছিল নকল সোণখিনি।

আব্দুল কাদিৰে নকল সোণখিনি উদিয়ানাত চক্ৰটোৰ হাতত বিক্ৰীৰ বাবে গতাই দিয়াৰ পিছত চক্ৰটোৱে গ্ৰাহকৰ সন্ধানত নামি পৰে। মাটি খান্দোতে সোণখিনি উদ্ধাৰ হোৱা বুলি মিছা প্ৰচাৰ চলাই চক্ৰটোৱে সোণৰখিনি বিক্ৰীৰ বাবে গ্ৰাহকৰ সন্ধানত আছিল।

লগতে পঢ়ক –  বৰপেটাৰ জনিয়াত উদ্ধাৰ এটা কেঁকো সাপ

ঘটনা সন্ধৰ্ভত আৰক্ষী অৱগত হোৱাত লগে লগে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে অভিযান চলাই ৯৯৭ গ্ৰামৰ চাৰিখন নকল সোণৰ বিস্কুট উদ্ধাৰ কৰাৰ লগতে আব্দুল কাদিৰক আটক কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply