বকো : বকোত আৰক্ষীৰ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান। বকো আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিছে বৃহৎ সাফল্য। বকো আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰিছে।

দক্ষিণ কামৰূপৰ বকো আৰক্ষীয়ে দেওবাৰে নিশাৰ ভাগত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে এক অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে। এক গোপন খবৰৰ ভিত্তিত বকো আৰক্ষীয়ে লাংকোনাত অভিযান চলাই দিলুৰ দেৱ বসুমতাৰী নামৰ এজন গাঞ্জা সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক কৰে।

লগতে পঢ়ক –  চাবুৱা ডায়েটৰ চৰকাৰী বিভাগত নৱনিযুক্ত কেইবাগৰাকীয়ো প্ৰাক্তন প্ৰশিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন

আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰীজনৰ কবলৰ পৰা ৫ কেজি ওজনৰ গাঞ্জা জব্দ কৰে। গাঞ্জা সৰবৰাহকাৰী দিলুৰ দেৱ বসুমতাৰীক জেৰা চলাই বকো আৰক্ষীয়ে পুনৰ অন্য এঠাইত অভিযান চলাই ৩ কেজি গাঞ্জা জব্দ কৰে। আৰক্ষীয়ে সোমবাৰে পুৱাৰ ভাগত দিলুৰ দেৱ বসুমতাৰীক জেললৈ প্ৰেৰণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply