গুৱাহাটী : গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ মৰফিন। ৰে’ল আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ নিষিদ্ধ মৰফিন। ৰে’লযোগে বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা চলাই নিষিদ্ধ মৰফিনসহ এজন গ্ৰেপ্তাৰ।

ৰাজ্যত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে ৰাজ্যত চলি আছে ড্ৰাগছৰ সৰবৰাহ। পুনৰ মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী।

এইবাৰ ড্ৰাগছ সৰবৰাহকাৰী সকলৰ লক্ষ্য হৈ পৰিছে ৰে’ল। অসম আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী সাফল্যই ড্ৰাগছ সৰবৰাহকাৰী সকলক ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰিবলৈ বাধ্য কৰিছে। এতিয়া ৰে’লযোগে ড্ৰাগছ সৰবৰাহত নামি পৰিছে ড্ৰাগছ সৰবৰাহকাৰী সকল।

গুৱাহাটী ৰে’ল আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ মৰফিনসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ৰে’ল আৰক্ষীয়ে ৩২০ গ্ৰাম মৰফিনসহ উত্তৰ প্ৰদেশৰ নভিল কিশোৰ নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক –  হোটেল ৰেডিছন ব্লুত কি কৰি সময় কটাইছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দলে?

ড্ৰাগছ সৰবৰাহকাৰীজনে চণ্ডীগড় এক্সপ্ৰেছেযোগে মৰফিনখিনি বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাই ৰে’ল আৰক্ষীৰ হাতত ধৰা পৰে। জব্দকৃত মৰফিনখিনিৰ বজাৰ মূল্য ৪০ লাখ টকা হ’ব বুলি ৰে’ল আৰক্ষীয়ে অনুমান কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply