গুৱাহাটী : যোৰাবাট আৰক্ষীৰ সাফল্য। মেঘালয়ৰ পৰা যোৰাবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন কুখ্যাত আন্তঃৰাজ্যিক গাড়ী চোৰক। যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিছিল অভিযান।

দেওবাৰে পুৱতি নিশা যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৰাবাট আৰক্ষীৰ এটা দলে মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ লাটুম্বাইত এক অভিযান চলাই চুৰিৰ এখন বলেৰ বাহন উদ্ধাৰ কৰাৰ লগতে এজন কুখ্যাত গাড়ী চোৰক গ্ৰেপ্তাৰ কৰে। ধৃত গাড়ী চোৰজন মেঘালয়ৰ হুইংচেষ্টাৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে যোৰাবাট আৰক্ষীয়ে এক অভিযান চলাই ৮ জনকৈ আন্তঃৰাজ্যিক গাড়ী চোৰৰ দল এটাক গ্ৰেপ্তাৰ কৰিছিল। উক্ত গাড়ী চোৰৰ দলটোৰ স্বীকাৰোক্তিৰ ভিত্তিত পূব জয়ন্তীয়া পাহাৰৰ লাটুম্বাইত অভিযান চলাই আৰক্ষীয়ে চুৰিৰ বাহনখনৰ লগতে আন এজন গাড়ী চোৰৰ গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক – মহানগৰীৰ গণেশগুৰি উৰণীয়া সেতুৰ ওপৰত দুৰ্ঘটনা: নিহত এজন

যোৰাবাট আৰক্ষীয়ে গাড়ী চোৰ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই বৰ্তমানালৈকে ৯ জনকৈ কুখ্যাত গাড়ী চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ৫ খনকৈ চুৰিৰ বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। যোৰাবাট আৰক্ষীয়ে গাড়ী চোৰ চক্ৰটোক জেৰা অব্যাহত ৰাখিছে। জেৰাৰ অনন্ত আৰু বহু চুৰিৰ গাড়ী উদ্ধাৰ কৰাৰ লগতে চক্ৰটোৰ লগত জড়িত অনা সদস্য সকলক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply