মুকালমুৱা : মুকালমুৱাত শোকাবহ ঘটনা। পুখুৰীত পৰি এটি শিশুৰ মৃত্যু মুকালমুৱাত। খেলি থাকোতে ঘৰৰ পিছফালৰ পুখুৰীত পৰে শিশুটি। ঘটনাক কেন্দ্ৰ কৰি মুকালমুৱাত শোকৰ ছাঁ।
ৰাজ্যত বছৰৰ পথটো বানপানীৰ তাণ্ডৱলীলা চলি থকাৰ সময়তে নলবাৰী জিলাৰ মুকালমুৱাত পুখুৰীত পৰি মৃত্যু হয় এৰি শিশুৰ। মুকালমুৱাৰ ২ নং কেকানকুচিত সংঘটিত হৈছে এই শোকাবহ ঘটনা।
লগতে পঢ়ক – অসম আৰু ত্ৰিপুৰাৰ দৃষ্টিহীন ক্ৰিকেট দলৰ মাজত প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন
ঘৰৰ পিছফালে খেলি থকা অৱস্থাত পুখুৰীত পৰি মৃত্যু হোৱা হোৱা ডেৰ বছৰীয়া শিশুটিৰ নাম ৰাচিদুল ইছলাম। ইতিমধ্যে শিশুটিক পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে মুকালমুৱাত।