হাইলাকন্দি : ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত নিহত হৈছে এটি শিশু। হাইলাকন্দিত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। পাহাৰৰ মাটি খহি পৰাত মাটিৰ তলত আৱদ্ধ হৈ মৃত্যুৰ মুখত পৰে শিশুটি।

প্ৰলয়নকাৰী বানৰ কবলত পৰা বৰাক উপত্যকাত প্ৰকৃতিৰ আন এক তাণ্ডৱ। বৰাক উপত্যকাৰ হাইলাকন্দি জিলাত প্ৰকৃতিৰ তাণ্ডৱ। ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে হাইলাকন্দিত। পাহাৰৰ মাটি খহি এটা বাসগৃহৰ ওপৰত পৰাত এটি শিশু নিহত হয়।

হাইলাকন্দি জিলাৰ জমিৰাত শুকুৰবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। পাহাৰ মাটি খহি এটা বাসগৃহৰ ওপৰত পৰাত বাসগৃহটোৰ ভিতৰত থকা লোক সকল মাটিৰ তলত আৱদ্ধ হৈ পৰে। জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিয়ালটোক উদ্ধাৰ কৰাৰ বাবে তীব্ৰ অভিযান আৰম্ভ কৰে।

লগতে পঢ়ক –  কলিয়াবৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ সাপ

পৰিয়ালটোৰ সকলো সদস্যক জীৱন্তে উদ্ধাৰ কৰা হয় যদিও কুৰবান আলী নামৰ এটি শিশুৰ মৃত্যু হয়। আহত লোক সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply