কোকৰাঝাৰ : পুনৰ কোকৰাঝাৰ আৰক্ষীৰ এনকাউণ্টাৰ। কোকৰাঝাৰ আৰক্ষীয়ে গুলীয়ালে চিলনী চোৰক। চিলনী চোৰৰ ভৰিত লাগিছে কোকৰাঝাৰ আৰক্ষীৰ গুলী। আহত চিলনী চোৰৰজন চিকিৎসালয়ত ভৰ্তি।

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। এইবাৰ কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত হৈছে এজন কুখ্যাত চিলনী চোৰ। কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত হোৱা চিলনী চোৰজনৰ নাম বিনয় দাস।

বিনয় দাসে যোৱা ২২ জুনত কোকৰাঝাৰ এক্সিছ বেংকৰ সন্মুখৰ পৰা লুটি নিছিল ৬ লাখ টকা। এজন ঠিকাদাৰৰ পৰা এই টকাখিনি লুটি নিছিল চিলনী চোৰ বিনয় দাসে। নিশা আৰক্ষীয়ে তদন্ত চলাবলৈ বিনয় দাসক লগত নিছিল।

লগতে পঢ়ক –  ৰঙিয়াত নিশা জব্দ আঢ়ৈ কোটি টকা মূল্যৰ ড্ৰাগছ

বালাজানৰ কাৰিগাঁও পথত আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে বিনয় দাসৰ ভৰিত গুলীয়াই। আৰক্ষীৰ গুলীত চিলনী চোৰ বিনয় দাস গুৰুত্বৰভাৱে আহত হয়। বৰ্তমান কোকৰাঝাৰৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বিনয় দাস।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply