নিউজ ডেস্ক- কালি চানডুবি বিলৰ পাৰত ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ দ্বাৰা আয়োজিত ‘অমৃত বৃক্ষৰোপণ’শীৰ্ষক এটা গছপুলি ৰোপণ কাৰ্যসূচী অনুস্থিত হৈছিল। এই কাৰ্যসূচীত পাঁচশ গছপুলি ৰোপণ কৰা হয়।

উক্ত কাৰ্যসূচীত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বনভুমিৰ সংৰক্ষণ কেৱল সামাজিক কাৰণতে নহয় ব্যক্তিগত অৰ্থনীতিৰ লগতে ৰাজ্যৰ অৰ্থনীতি তথা ৰাজ্যৰ ভৱিষ্যতৰ বাবে ৰাজ্যৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে বনভূমি সংৰক্ষণৰ গুৰুত্ব প্ৰদান কৰিব লাগিব। তেওঁ ৰাজ্যবাসীক বনাঞ্চল ৰক্ষাৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়।

তেওঁ কয় যে, গছপুলি ৰোপণে প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ লগতে প্ৰকৃতিৰ সৌন্দৰ্যবৰ্ধন কৰে। ৰাজ্য চৰকাৰে অহা ২ অক্টোবৰত উদযাপন কৰিব লগীয়া গান্ধী জয়ন্তীৰ দিনা ৰাজ্যখনত এক কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। সেইদিনা পুৱা ৯বজাৰ পৰা ১১বজালৈ এক কোটি গছপুলি ৰোপণ কৰা হব। এই কাৰ্যসূচীত অংশ লৈ গছপুলি ৰোপণ কৰা প্ৰতিগৰাকী নাগৰিকক এটা গছপুলি ৰোপণ কৰাৰ বাবে ধন্যবাদ তথা কৃতজ্ঞতাৰ চিন স্বৰূপে এশ টকাকৈ আৰু তিনি বছৰ পাছত প্ৰতিপালন কৰি ৰখাৰ বাবত দুশ টকাকৈ প্ৰদান কৰা হ’ব। লগতে এইবাৰ এই কাৰ্যসূচী সফল হলে প্ৰত্যেক বছৰ ১কোটি গছপুলি ৰোপন কৰা হ’ব বুলি উল্লেখ কৰে।

আনহাতে, উক্ত কাৰ্যসূচীত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই মুখ্য অতিথি হিচাপে দিয়া ভাষণত কয় যে এসময়ত ঋষি-মুনিসকলে গছৰ তলতে তপস্যা কৰি জ্ঞান লাভ কৰিছিল। জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত গছ-গছনিৰ এক বৃহৎ অৱদান থকাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজস্থানত এসময়ত প্ৰকৃতি ৰক্ষাৰ এক বৃহৎ আন্দোলন হৈছিল। অসমতো তেনে এক আন্দোলনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী নাগৰিককে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰাৰ বাবে তেওঁ আহ্বান জনায়।

এই কাৰ্যসূচীত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া, ৰাজ্যপালৰ পত্নী অনিতা কাটাৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, নন্দিতা গালোছা, বন মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, ৰঞ্জিত কুমাৰ দাস, কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য, জয়ন্ত মল্ল বৰুৱা, পীযূষ হাজৰিকাৰ লগতে উৰ্খাও গৌৰা ব্ৰহ্ম, শ্বেৰমান আলী, নৱ দলে, ৰেকিবুদ্দিন আহমেদ হেমাংগ ঠাকুৰীয়া, ৰাজ্যৰ প্ৰধান মুখ্য বন সাংৰক্ষক মহেন্দ্ৰ কুমাৰ যাদৱকে ধৰি কেইবাজনো জ্যেষ্ঠ বন বিষয়া,  বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply