বাইহাটা : পুনৰ অসম আৰক্ষীৰ গুলী চালনা। ড্ৰাগছ মাফিয়াক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়াজন চিকিৎসালয়ত ভৰ্তি।

অপৰাধীক লক্ষ্য কৰি পুনৰ অসম আৰক্ষীয়ে গুলী চালনা কৰিলে। কামৰূপ আৰক্ষীয়ে এইবাৰ এজন কুখ্যাত ড্ৰাগছ মাফিয়াক লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ মাফিয়া নাজিৰ কাজি ওৰফে বগা।

কুখ্যাত ড্ৰাগছ মাফিয়া নাজিৰ কাজি ওৰফে বগা বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বেজেৰাত আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলী চালনা কৰে।

লগতে পঢ়ক –  অভয়াপুৰীত পূজাৰ প্ৰসাদ খাই অসুস্থ ১০জনৰো অধিক

আৰক্ষীৰ গুলীত গুৰুত্বৰভাৱে আহত ড্ৰাগছ মাফিয়া নাজিৰ কাজি ওৰফে বগাক বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply