গুৱাহাটী : জালুকবাৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী পৰিল জালুকবাৰী আৰক্ষীৰ জালত। ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু চাবোনৰ বাকচ জব্দ। অধিক তথ্যৰ বাবে জেৰা অব্যাহত জালুকবাৰী আৰক্ষীৰ।

মহানগৰীৰ জালুকবাৰীত পুনৰ আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। জালুকবাৰী আৰক্ষীয়ে চলোৱা এই অভিযানত এজন ড্ৰাগছ সৰবৰাহকাৰী ড্ৰাগছসহ জালত পৰে। জালুকবাৰী উৰণীয়া সেতুঁৰ সমীপত জালুকবাৰী আৰক্ষী চকীয়ে অভিযান চলাই ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰীজনক।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন জালুকবাৰীৰ আমিনুৰ ৰহমান বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনৰ কবলৰ পৰা জব্দ কৰিছে ৭৪ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু ড্ৰাগছ ভৰ্তি দুটা চাবোনৰ বাকচ।

লগতে পঢ়ক –  গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ

আৰক্ষীয়ে লগতে এএছ-০১- বিএল-৩২৭০ নম্বৰৰ এখন দুচকীয়া বাহন, এটা মোবাইল ফোন আৰু নগদ ১১ হাজাৰ টকা জব্দ কৰে ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা। জব্দকৃত ড্ৰাগছখিনিৰ ওজন প্ৰায় ৩২ গ্ৰাম বুলি জানিব পৰা গৈছে।অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰীজনক জালুকবাৰী আৰক্ষী চকীত জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply