গুৱাহাটী : অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান চলাই আৰক্ষীয়ে লাভ কৰিছে ইটোৰ পিছত সিটো সাফল্য। এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই গুৱাহাটী মহানগৰ আৰক্ষী। গুৱাহাটী আৰক্ষীও সাফল্যৰ ধাৰা অব্যাহত ৰাখিছে।
সোমবাৰে নিশাৰ ভাহত গুৱাহাটী মহানগৰ আৰক্ষীয়ে পুনৰ এক ড্ৰাগছ বিৰোধী অভিযান চলাই সাফল্য লাভ কৰিবলৈ সক্ষম হয়। বশিষ্ঠ আৰক্ষীয়ে এই সাফল্য লাভ কৰে। নিশা এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বশিষ্ঠ আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে। ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে হে’ৰইন।
লগতে পঢ়ক – অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ কিদৰে কৰিব আৱেদন?
ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম সূৰ্য্য কুমাৰ শৰ্মা বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰী সূৰ্য্য কুমাৰ শৰ্মা কমলপুৰৰ বাসিন্দা। সূৰ্য্য কুমাৰ শৰ্মাৰ কবলৰ পৰা আৰক্ষীয়ে ১০ টা হে’ৰইন ভৰ্তি কন্টেইনাৰ জব্দ কৰে। অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত আছে।